তেজপুৰ, ১৪ জুন : উজনি অসমৰ তিনিচুকীয়া জিলাৰ বাঘজানৰ তৈলখাদত আক্রান্ত লোকসকলক ভাৰতীয় সেনাবাহিনীয়ে আগবঢ়াইছে চিকিৎসা আৰু থকা খোৱাৰ ব্যৱস্থা । নিজৰ ঘৰবাৰী হেৰুৱাই সৰ্বশ্ৰান্ত হোৱা আশ্রয় শিবিৰত থকা মুঠ ৩০০ লোকক স্বাস্থ্য পৰীক্ষা কৰি উপযুক্ত চিকিৎসা প্ৰদান কৰে সেনাবাহিনীৰ দলে ।
বাঘজানৰ তৈলখাদত আক্রান্ত লোকক সেনাবাহিনীৰ চিকিৎসা আৰু খাদ্য যোগান - বাঘজান
৩০০ লোকক স্বাস্থ্য পৰীক্ষা কৰি উপযুক্ত চিকিৎসা প্ৰদান কৰে সেনাবাহিনীৰ দলে ।
![বাঘজানৰ তৈলখাদত আক্রান্ত লোকক সেনাবাহিনীৰ চিকিৎসা আৰু খাদ্য যোগান Baghjan Incident update](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-06:57-as-tezpur-14june-801-vispix-baghjanarmy-pranabkumardas-7203907-14062020184321-1406f-1592140401-197.jpg)
Baghjan Incident update
অঞ্চলটোত সেনাবাহিনী মোতায়েন হৈ প্ৰায় সাত হাজাৰ লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানত আনি আশ্ৰয় ল'বলৈ সুবিধা প্ৰদান কৰে । সমগ্ৰ পৰিস্থিতি মোকবিলা কৰিবলৈ সেনা দলে স্থানীয় আৰক্ষীক আইন শৃংখলা জনিত বিষয়ত সহায় কৰে । উল্লেখ্য যে, ২৭ মে'ত তিনিচুকীয়াৰ বাঘজানৰ তৈলখাদত সংঘটিত হৈছিল বিস্ফোৰণ ।
লগতে পঢ়ক :কেনে অৱস্থাত আছে বাঘজান আশ্ৰয় শিৱিৰৰ লোকসকল, এক প্ৰতিবেদন