অসম

assam

By

Published : Aug 22, 2020, 2:01 PM IST

ETV Bharat / state

য়াকৰ সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধি অৰুণাচলৰ পশু পালন বিভাগৰ

"য়াক" ৰ গাখীৰ উৎপাদন কৰি ডিৰাঙত বহুতো শিক্ষিত যুৱকে উপাৰ্জনৰ পথ সুগম কৰি তুলিছে । আনহাতে পশ্চিম অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং আৰু টাৱাঙত এইবিধ জন্তু দেখিবলৈ পোৱা যায় । মনপা লোকসকলে ইয়াৰ শিং বিভিন্ন ধৰণৰ পূজাত ব্যৱহাৰ কৰে । য়াকৰ নোমৰ পৰা ঊণ তৈয়াৰ কৰা হয় ৷ লগতে পাহাৰীয়া বৰফ অঞ্চলত য়াকৰ পিঠিত বোজা কঢ়িয়াই সামগ্ৰী কঢ়িওৱা হয় ।

Arunachal Pradesh
য়াক

তেজপুৰ,২০ আগষ্ট :শেহতীয়াকৈঅৰুণাচল প্ৰদেশৰ পশু পালন বিভাগে সামাজিক মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজত "য়াক" সংৰক্ষণ ব্যৱস্থাৰ ওপৰত সজাগতা বৃদ্ধি কৰিছে । "য়াক" পালনৰে বহু লোক স্বাৱলম্বী হোৱা দেখা গৈছে ৷ কিন্তু, বিভিন্ন কাৰণত প্ৰদেশখনত য়াকৰ সংখ্যা বহুখিনি হ্ৰাস পোৱা দেখা গৈছে ৷ সেয়ে য়াক সংৰক্ষণৰ স্বাৰ্থত সজাগতা বৃদ্ধি কৰিছে অৰুণাচল প্ৰদেশৰ পশু পালন বিভাগে ৷

য়াক সংৰক্ষণ

লগতে পঢ়কঃপ্ৰাক্তন আইএএছ ৰাজীৱ কুমাৰ দেশৰ নতুন মুখ্য নিৰ্বাচনী আয়ুক্ত নিযুক্ত

উল্লেখ্য যে, ডিৰাঙত ব্যক্তিগত ফাৰ্মত য়াক পালনৰ বাবে চৰকাৰ তথা বিভাগে গুৰুত্ব দিয়া দেখা গৈছে । দেশৰ অন্য প্ৰান্তৰ প্ৰজাতিৰ ভিতৰত অৰুণাচল প্ৰদেশৰ "য়াক" ৰ ভূমিকা গুৰুত্বপূৰ্ণ । ইয়াক "অৰুণাচলী য়াক ",বুলি কোৱা হয় ৷ ই -৪০℃ (চল্লিছ) উষ্ণতাত বাস কৰিব পাৰে । জম্মু কাশ্মীৰৰ পিছতে অৰুণাচল প্ৰদেশৰ য়াকৰ জনসংখ্যাত দ্বিতীয় স্থানত আছে । হিমালয়ৰ পাদদেশৰ এঢলীয়া পাহাৰত ইয়াৰ অৱস্থিতি পোৱা যায় । প্ৰায় সৰহ সংখ্যক লোকৰ মাজতে এতিয়া "য়াক", পালনৰ প্ৰচেষ্টা দেখা পোৱা গৈছে ।

য়াক সংৰক্ষণ

পশ্চিম কামেং জিলাৰ ডিৰাঙত "য়াক"ৰ এক ৰাষ্ট্ৰীয় গৱেষণা কেন্দ্ৰ আছে । ইয়াত প্ৰায় ১৫০ টা বিভিন্ন প্ৰজাতিৰ য়াক সংৰক্ষণ কৰা হৈছে । ১৯৮৯ চনত অৰুণাচল প্ৰদেশৰ ডিৰাঙৰ ভাৰতীয় কৃষি অনুসন্ধান কেন্দ্ৰ ও গৱেষণা কেন্দ্ৰ স্থাপন হৈছিল ৷ ভাৰতবৰ্ষত মুঠ এনেকুৱা ১৭খন বিশ্ববিদ্যালয় আছে তাৰ ভিতৰত ৭খন সেউজ বিশ্ববিদ্যালয় ৷ ১০৮খন ৰাষ্ট্ৰীয় কেন্দ্ৰও আছে । তাৎপৰ্যপূৰ্ণ যে, অৰুণাচল প্ৰদেশত ৫ টা প্ৰজাতিৰ য়াক পোৱা যায় ৷ ইয়াৰ ভিতৰত এটা প্ৰজাতিয়ে ইতিমধ্যে ৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি লাভ কৰা বুলি অৱগত কৰে ডিৰাঙৰ গৱেষণা কেন্দ্ৰৰ প্ৰশাসনিক বিষয়া নগীচুং কুছিলোঁয়ে ।

লগতে পঢ়কঃপ্ৰথমে আগিয়া ছোফিয়া, এইবাৰ গীৰ্জাঘৰ; বিশ্ব সংস্কৃতিৰ প্ৰতি ভাবুকি তুৰ্কীৰ ৰাষ্ট্ৰপতি

"য়াক" ৰ গাখীৰ উৎপাদন কৰি ডিৰাঙত বহুতো শিক্ষিত যুৱকে উপাৰ্জনৰ পথ সুগম কৰি তুলিছে । আনহাতে পশ্চিম অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং আৰু টাৱাঙত এইবিধ জন্তু দেখিবলৈ পোৱা যায় । মনপা লোকসকলে ইয়াৰ শিং বিভিন্ন ধৰণৰ পূজাত ব্যৱহাৰ কৰে । য়াকৰ নোমৰ পৰা ঊণ তৈয়াৰ কৰা হয় ৷ লগতে পাহাৰীয়া বৰফ অঞ্চলত য়াকৰ পিঠিত বোজা কঢ়িয়াই সামগ্ৰী কঢ়িওৱা হয় । ডিৰাঙৰ সংস্থাই প্ৰতি বছৰে য়াক মেলা উদযাপন কৰে যাতে কৃষিজীৱি লোকসকলৰ মাজত সজাগতা বৃদ্ধি আৰু প্ৰসাৰ লাভ কৰে ।

য়াক সংৰক্ষণ

অৰুণাচল প্ৰদেশ আৰু হিমালয়ৰ পাদদেশত সচৰাচৰ ঘৰচীয়া (Bos grunniens ) য়াক পোৱা যায় । আনহাতে অন্য প্ৰান্তত পোৱা য়াক'ৰ প্ৰজাতিবোৰ বনৰীয়া,যিবোৰ তিব্বত প্লেটো, উত্তৰ ম্যানমাৰ আৰু ইউনানৰ অন্যান্য অঞ্চলত দেখিবলৈ পোৱা যায় ৷ য়াকসমূহ মংগোলিয়া আৰু ছাইবেৰীয়াটো পোৱা যায় ৷ এইসমূহ য়াক হিংস্ৰ, ইয়াক Bos mutus বুলি কোৱা যায় । ঘৰচীয়া "য়াক"ৰ নেজ দীঘল আৰু ইয়াৰ নোম কিছু পৰিমাণে কম । ডিৰাঙৰ প্ৰায় ১০,০০০ ফুট উচ্চতাত থকা ফাৰ্মে গাখীৰ,মাংসৰ যোগান ধৰে ।

য়াকৰ সংৰক্ষণৰ বাবে সজাগতা বদ্ধি অৰুণাচলৰ পশু পালন বিভাগৰ

চৰকাৰীভাবে স্পষ্টকৈ প্ৰকাশ নকৰিলেও হয়তো মাংসৰ বাবে কিছুমান ঠাইত ব্যৱহাৰ কৰা হয় বাবে "য়াক"ৰ সংখ্যা হ্ৰাস পোৱা বুলি পশু পালন বিভাগে "য়াক" সংৰক্ষণ ব্যৱস্থাৰ ওপৰত সজাগতা বৃদ্ধি কৰিছে ।

লগতে পঢ়কঃমহামাৰীৰ মাজতো অনুষ্ঠিত হ'ব নিৰ্বাচন, কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ নতুন নিৰ্দেশাৱলী জাৰী

ABOUT THE AUTHOR

...view details