তেজপুৰ, 1 জানুৱাৰী :ৰাজ্যখনত বন্যপ্ৰাণীৰ বিপদৰ লেখ-জোখ নাই ৷ হাতী, গঁড়, বাঘ আদিৰ পৰা কেঁকো সাপলৈকে নিৰাপদ নহয় কোনো এবিধ বন্যপ্ৰাণী ৷ এইসমূহ বন্যপ্ৰাণী নিধনৰ বিৰুদ্ধে ঠায়ে ঠায়ে একাংশ লোকে সৰৱ হৈ আহিছে যদিও ৰাজ্যখনত এতিয়াও বন্যপ্ৰাণীৰ প্ৰতি থকা নিষ্ঠুৰতা হ্ৰাস পোৱা নাই ৷ চোৰাং চিকাৰীয়ে গঁড়-হাতী আদি নিধন কৰি আহিছে ৷ কেৱল সেয়ে নহয়, অঞ্চলভেদে সাধাৰণ লোকৰ দ্বাৰাও হত্যা কৰা হৈছে বন্যপ্ৰাণী ৷
এনে পৰিপ্ৰেক্ষিতত বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা অনাৰ প্ৰয়াসেৰে তেজপুৰ মহাবিদ্যালয় আৰু উইণ্ড ব্ৰেকাৰ চাইকেল ক্লাৱৰ উদ্যোগত শনিবাৰৰ পৰা আৰম্ভ হৈছে এক চাইকেল ৰেলী(Awareness campaign for wildlife conservation) ৷
নৱবৰ্ষৰ পহিলা জানুৱাৰীৰ দিনটোতে তেজপুৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ এটি দলে প্ৰকৃতি আৰু বন্য প্ৰাণীৰ সংৰক্ষণৰ ওপৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে শনিবাৰে "Save Nature Stop Killing Animals" শীৰ্ষক শ্ল’গানেৰে বাহিৰ কৰা হৈছে এটা ৰেলীৰ ৷ তেজপুৰ মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰা এই ৰেলীৰ সামৰণি পৰিব দাৰ্জিলিঙত ৷