অসম

assam

ETV Bharat / state

তেজপুৰত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান - আৰক্ষী প্ৰশাসন

জিলা দণ্ডাধীশ শিৰোমণি মিলিৰ নিৰ্দেশ মতে আজি জিলা প্ৰশাসনে তেজপুৰ জাহাজ ঘাটৰ ৰে'লৱে কলনীত বসতি কৰি থকা ৫০ টা গৃহত উচ্ছেদ অভিযান চলায় ৷ উল্লেখ্য যে, ২০১৮ চনৰ ডিচেম্বৰ মাহতে এক উচ্ছেদৰ অধিসূচনা জাৰি কৰিছিল যদিও তেজপুৰ জাহাজ ঘাটৰ ৰে'লৱে কলনীত বসতি কৰি থকা লোকসকলে খালী কৰা নাছিল আবাসসমূহ ৷

প্ৰশাসনৰ উচ্ছেদ অভিযান
প্ৰশাসনৰ উচ্ছেদ অভিযান

By

Published : Feb 27, 2020, 5:10 PM IST

তেজপুৰ, 27 ফেব্ৰুৱাৰীঃ২০১৮ চনৰ ডিচেম্বৰ মাহতে এক উচ্ছেদৰ অধিসূচনা জাৰি কৰিছিল যদিও তেজপুৰ জাহাজ ঘাটৰ ৰে'লৱে কলনীত বসতি কৰি থকা লোকসকলে খালী কৰা নাছিল আবাসসমূহ ৷ জিলা দণ্ডাধীশ শিৰোমণি মিলিৰ নিৰ্দেশ মতে আজি জিলা প্ৰশাসনে সম্পূৰ্ণ আৰক্ষী প্ৰশাসনৰ সহযোগিতাত, ৰে'লৱে কলনীৰ চৰকাৰী আবাসত অবৈধ ভাৱে থকা প্ৰায় ৫০ টা গৃহত উচ্ছেদ অভিযান চলায় ৷ প্ৰশাসনে তিনিদিন পূৰ্বে জাননী জাৰি কৰিছিল যদিও এই লোকসকলে এৰি দিয়া নাছিল গৃহ সমূহ ৷ যাৰ ফলস্বৰূপে প্ৰশাসনে আজি উচ্ছেদ কৰে এই গৃহ সমূহ ৷

তেজপুৰত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

ABOUT THE AUTHOR

...view details