তেজপুৰ, ১৮ ফেব্ৰুৱাৰী :অসম চাহ জনজাতি ছাত্ৰ সন্থাই চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰাৰ দাবীত বৃহস্পতিবাৰে তেজপুৰ আদালত চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীক সদৌ অসম ছাত্ৰ সন্থাি সমৰ্থন জনায় ৷
প্ৰতিবাদস্থলীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহক সদস্য মনোজ তাঁতীয়ে কয়, অসমৰ জাতি মাটি ভেঁটিৰ কথা কৈ ক্ষমতা দখল কৰাৰ বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে বিগত সময়চোৱাত চাহ জনজাতি সকলৰ বাবে কোনো ধৰণৰ কাম ন'কৰিলে ৷ গতিকে আগন্তুক নিৰ্বাচনত চাহ জনজাতি লোক সকলে বিজেপিক উচিত প্ৰত্যুতৰ দিব বুলি মত প্ৰকাশ কৰে মনোজ তাঁতীয়ে ৷