ৰঙাপৰা,13 আগষ্টঃশোণিতপুৰ জিলাৰ ৰঙাপৰাত থকা অসম ৰাজ্যিক পৰিৱহন নিগমৰ বাছ আস্থানটিৰ চলিছে শ্মশান যাত্ৰা। ৰঙাপৰাস্থিত ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানটিৰ কাৰ্যালয়ত প্ৰায়েই ওলমি থাকে এটা প্ৰকাণ্ড তলা। কাৰণ কাৰ্যালয়টোত নাথাকে বিভাগীয় কৰ্মচাৰী । নগৰখনত থকা চৰকাৰী বাছ আস্থানটি সম্প্ৰতি জাৱৰ-জোঁথৰ পেলোৱা স্থানলৈ পৰিণত হৈছে । বাছ আস্থানটিৰ চৌদিশ ভৰি পৰিছে বাছ আস্থানটিৰ চৌদিশ ৷
ডাষ্টবিনলৈ পৰিণত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান
ডাষ্টবিনলৈ পৰিণত হৈছে ৰঙাপৰাস্থিত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান ৷ জাৱৰ-জোঁথৰেৰে ভৰি পৰিছে বাছ আস্থানটিৰ চৌদিশ ৷
যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযান চলাই আহিছে, তেনে সময়তে ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে বাছ আস্থানটোত ৷ তাৰোপৰি একাংশ লোকৰ বাবে প্ৰস্ৰাৱ কৰা স্থানলৈ পৰিণত হৈছে চৰকাৰী বাছ আস্থানটি ৷ গৰু, ছাগলী, গাহৰি আদিৰ বিচৰণস্থলী এই বাছ আস্থানটো ক্ৰমাণ্বয়ে হৈ পৰিছে কদৰ্য আৰু দুৰ্গন্ধময় ৷ ইফালে, চৰকাৰী বাছ আস্থানটি বেচৰকাৰী গাড়ী ৰাখি সামগ্ৰী উঠা-নমোৱা আস্থান হিচাপে ব্যৱহাৰ কৰি আহিছে ৰঙাপৰাৰ একাংশ ব্যৱসায়ীয়ে । তাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ ইপিনে, চৰকাৰে লাখ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বাছ আস্থানটিৰ 4খন দোকান গৃহ জহিখহি গ'ল । অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনস্থ এই বাছ আস্থানটি কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ।