তেজপুৰ,২৮ এপ্ৰিলঃ অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই মঙলবাৰে তেজপুৰত উপস্থিত হৈ কয় যে ৰেড জ'ন ঘোষণা কৰা জিলাৰপৰা কোনো লোক অন্য অঞ্চললৈ আহিব নোৱাৰে যদিহে কোনো লোকৰ মৃত্যু অথবা ৰোগ সংক্ৰান্তীয় কথা নাথাকে। তেজপুৰত শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অসমৰ পাঁচখন জিলাৰ উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষক সকলৰ লগত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে । ইপিনে অহা ৩ মে'ৰ পিছত পুনৰ লক ডাউন হোৱাৰ এক ইংগিত দিয়ে এই সভাতে ৷
তেজপুৰত ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষীৰ সঞ্চালক প্ৰধান - ভাস্কৰ জ্যোতি মহন্ত
ৰেড জ'নৰ পৰা অসমৰ অন্য জিলালৈ প্ৰৱেশ কৰিব নোৱাৰিব : মুখ্য সচিব ৷ অসমৰ পৰা প্ৰায় ৮০০ ৰো অধিক লোক নিজামুদ্দিন মাৰ্কাজত ভাগ লৈছিল: ভাস্কৰ জ্যোতি মহন্ত ৷
অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ উপস্থিত উক্ত সভাত প্ৰধান সচিব জিষ্ণু বৰুৱা,আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদৰ্শক হীৰেন নাথৰ লগতে কেইবাজনো উচ্চ বিষয়া উক্ত সভাত অংশ গ্ৰহণ কৰে। তেওঁ উল্লেখ কৰে যে আজিৰ পৰা অসমৰ গ্ৰাম্য অঞ্চলত থকা দোকানসমূহ খোলাৰ পৰামৰ্শ দিছে যদিও ইয়াত এক বিশেষ নীতি অৱলম্বন কৰা হৈছে দোকান সমূহ অন্য দোকানৰ দুৰত্বত অৱস্থান কৰিব লাগিব তেতিয়াহে সেই দোকান সমূহ খুলিব পাৰিব আৰু যাৰ কাৰণে চহৰ অঞ্চলত কোনো দোকান খোলাৰ নিৰ্দেশ জাৰি কৰা নাই। লগতে বজাৰ সমূহ সম্পূৰ্ণ বন্ধ থাকিব। আজি বৃদ্ধি পোৱা দুজন লোকৰ সংখ্যা উল্লেখ কৰি তেওঁ কয় পৰৱৰ্তী পৰ্যায়ৰ লক ডাউনৰ বিষয়ে ইতিমধ্যে আলোচনা কৰি থকা হৈছে ।
আনহাতে জিলা সমূহত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা সামগ্ৰী ওপৰত গুৰুত্ব প্ৰদান কৰিছে। আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই জনায় যে নিজামুদ্দিন মাৰ্কাজৰ প্ৰায় ১৩৮ জানোৰো অধিক অসমত ইতিমধ্যেই কুবাৰেইণ্টাইন হৈ আছে ৷ ইয়াৰ ভিতৰত কোভিড ১৯ৰ পজিটিভ পোৱা গৈছে, ইয়াৰ উপৰিও বৰ্তমানলৈকে ৰাজ্যৰ বাহিৰত প্ৰায় ৬০০ ৰো অধিক লোক আছে যি সকলে অসমলৈ ঘূৰি অহা নাই সেই সকলৰ ওপৰত অসম আৰক্ষী য়ে চোকা দৃষ্টি ৰাখিছে বুলি মহন্তই কয় ।
লগতে পঢকঃ GeM ৰ জৰিয়তে কৰ'ণা ভাইৰাছৰ চিকিৎসা সামগ্ৰী ক্ৰয়ৰ বাবে চৰকাৰৰ 159 কোটি ব্যয়