ঢেকীয়াজুলি, 6 জুনঃ শোণিতপুৰ জিলা ঢেকিয়াজুলিৰ হুগ্ৰাজুলি পচাবস্তী গাঁৱৰ আঠজনীয়া দল এটা কৰ্মৰ সন্ধানত কেৰেলালৈ গৈছিল ৷ দলটোৰ চাৰিগৰাকী সদস্যই যোৱা 25 মে' তাৰিখেই নিৰ্দিষ্ট কৰ্মক্ষেত্ৰত উপস্থিত হয় যদিও বাকী চাৰিগৰাকী সদস্য সন্ধানহীন হৈ আছে ৷ ইয়াৰ এগৰাকী সদস্যৰ মৃতদেহ অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া ৰেলৱে ষ্টেচনৰ সমীপত হাবিৰ মাজৰ পৰা উদ্ধাৰ হোৱাৰ লগতে বাকী তিনিগৰাকী বৰ্তমানেও সন্ধানহীন হৈ আছে ৷
কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ মৃত্যু যুৱকৰ, এতিয়াও সন্ধানহীন তিনিজন - YSRCP
শোণিতপুৰ জিলা ঢেকিয়াজুলিৰ হুগ্ৰাজুলি পচাবস্তী গাঁৱৰ আঠজনীয়া দল এটা কৰ্মৰ সন্ধানত কেৰেলালৈ গৈ থকা অৱস্থাতে সন্ধানহীন হয় দলটোৰ চাৰিগৰাকী সদস্য ৷ ইয়াৰ এগৰাকী যুৱকৰ মৃতদেহ অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া ৰেলষ্টেচনৰ সমীপৰ হাবিৰ মাজত উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্য ৷

বহিঃৰাজ্যলৈ কামৰ সন্ধানত যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ
আৰু পঢ়কঃ চিৰাঙত আঠবছৰীয়া শিশুক ধৰ্ষণ, আৰক্ষীৰ জালত ধৰ্ষণকাৰী
পৰৱৰ্তী সময়ত ৰাক্ষসমাৰী আৰক্ষী চকীয়ে যোৱা 29 মে' তাৰিখে মোহন ওৰাং নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ কথা পৰিয়ালৰ লোকক অৱগত কৰায় ৷ আনহাতে বৰ্তমানেও কোনো শুংসূত্ৰ নাই নিৰুদ্দিষ্ট আন তিনিজন যুৱকৰ ৷ আনহাতে মোহন ওৰাঙৰ মৃতদেহত থকা আঘাটৰ চিনৰ পৰা এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি উল্লেখ কৰিছে পৰিয়ালৰ লোকে ৷
Last Updated : Jun 6, 2019, 11:48 PM IST