তেজপুৰ, 30 নৱেম্বৰঃ সমগ্ৰ ভাৰতবর্ষৰ মুঠ 317 খন 'চকলেট ৰুম'ৰ পিচতে শোণিতপুৰৰ তেজপুৰত আৰম্ভ হ'ল উত্তৰ অসমৰ প্ৰথমখন 'চকলেট ৰুম' লাইভ কিটছেন ৷ তেজপুৰ জগাঁৱৰ অন্তৰ্গত নৱপুৰৰ ৰাজশ্ৰী গোশ্বামী নামৰ এগৰাকী যুৱতীৰ প্ৰচেষ্টাত আৰম্ভ হ'ল এই 'চকলেট ৰুম' ৷
তেজপুৰত উত্তৰ অসমৰ প্ৰথমটো 'চকলেট ৰুম' - তেজপুৰত আৰম্ভ হ'ল উত্তৰ অসমৰ প্ৰথম খন চকলেট ৰুম
প্ৰকৃতাৰ্থত ব্ৰাজিল আৰু অন্যান্য ইউৰোপৰ দেশ সমূহৰ পৰা 'চকলেট ৰুম'ৰ ধাৰণা আহিছে ৷
ৰাজশ্ৰী গোশ্বামী
উল্লেখ্য যে, ৰাজশ্ৰী গোশ্বামীয়ে 'ষ্টেণ্ড-আপ ইণ্ডিয়াৰ' জৰিয়তে এই 'চকলেট ৰুম'ৰ আৰম্ভণি কৰে ৷ 'চকলেট ৰুম'ৰ ধাৰণা প্ৰকৃতাৰ্থত ব্ৰাজিল আৰু অন্যান্য ইউৰোপৰ দেশ সমূহৰ পৰা অহা যদিও শেহতীয়া কৈ অসমতো ইয়াৰ ছাহিদা বাঢ়িছে ৷ আৰু সেই ধাৰণাৰে ৰাজশ্ৰীয়ে তেজপুৰত আৰম্ভ কৰে অসমৰ প্ৰথমখন 'চকলেট ৰুম' ৷ আনহাতে, শোণিতপুৰ জিলাৰ উপ আৰক্ষী অধীক্ষক নুমাল মাহাটাই শুভাৰম্ভণি কৰে 'চকলেট ৰুম'ৰ ৷