তেজপুৰ,১৫ এপ্ৰিলঃ ব'হাগ মাথোঁ এটি ঋতু নহয়, নহয় ব'হাগ এটি মাহ। ১৯৪০ শকাব্দৰ শেষ দিন ৩০ চ'ত আৰু এটি নতুন বছৰৰ আগমন । নতুন বছৰক আদৰাৰ বাবে ৰাজ্যজুৰি বিশেষ প্ৰস্তুতি। তেজপুৰতো শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সদস্যসকলে প্ৰথমবাৰৰ বাবে বিহুৰ আয়োজন কৰে ।
নতুন বছৰক আদৰৰ বাবে পূৰ্ণ প্ৰস্তুতি চলিছে তেজপুৰত
পাৰম্পৰিক ৰীতি নীতি অনুসৰি বিহু উদযাপন শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সদস্যসকলৰ
নতুন বছৰক আদৰৰ বাবে পূৰ্ণ প্ৰস্তুতি চলিছে তেজপুৰত
সম্পূৰ্ণ পাৰম্পৰিক ৰীতি-নীতি অনুসৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ শিল্পী, জ্যেষ্ঠজনক এখনি গোৱা পাণৰ শৰাই আগবঢ়াই আৰ্শীবাদ গ্ৰহণ কৰে । বিভিন্ন ক্ষেত্ৰৰ পৰা অহা ন-পুৰণি শিল্পীসকলৰ হুঁচৰি গোৱাৰ লগতে বিহু গীতৰ আকৰ্ষণীয় কাৰ্যসূচীয়ে আকৰ্ষিত কৰে সমূহ ৰাইজক।