ৰঙাপৰা,28মেঃ লক ডাউনৰ ফলত বহিঃৰাজ্যত থকা একাংশ শ্ৰমিকে কৰ্মসংস্থাপন হেৰুৱাব লগা হোৱাৰ উপৰিও খাদ্য আৰু আৰ্থিক অনাতনত ভুগিছে পদব্ৰজে আৰু অন্যান্য ধৰণে গৃহ অভিমুখে যাত্ৰা কৰিছে শ্ৰমিকসকলে ৷ তেনে সময়তে মহাৰাষ্ট্ৰৰ পুনেৰ পৰা চাইকেলেৰে আহি শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত উপস্থিত হ'ল এজন যুৱক ।
মহাৰাষ্ট্ৰৰ এটা কোম্পানীত কৰ্মৰত হৈ আছিল চাৰিদুৱাৰ দলংৱস্তিৰ নিৱাসী জুংচন আনচাৰী । লকডাউনৰ বাবে কোম্পানীৰ কাম বন্ধ হৈ পৰাত তীব্ৰ খাদ্য সংকটত ভুগিছিল তেওঁ । ফলত উপায়হীন হৈ এখন চাইকেল ক্ৰয় কৰি অসম অভিমুখে যাত্ৰা আৰম্ভ কৰে আনচাৰীয়ে ৷ ১৪ দিনৰ পূৰ্ৱে মহাৰাষ্ট্ৰৰ পৰা ৪০ জনীয়া এটা দলে চাইকেল চলাই যাত্রা আৰম্ভ কৰিছিল নিজ গৃহৰ অভিমুখে ৷