তেজপুৰ,10 ছেপ্টেম্বৰ :অভিনয় জগতৰ পৰা ৰাজনীতি জগতলৈ যোৱাৰ চিন্তা নকৰে বিশিষ্ট অভিনেত্ৰী নিশিতা গোস্বামীয়ে । ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অভিনেত্ৰী মলয়া গোস্বামীৰ এগৰাকী জীয়াৰী হিচাপে তেওঁৰ আদৰ্শৰে আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতি অভিনেত্ৰী নিশিতা গোস্বামী ।
ৰাজনীতিৰ পৰিৱৰ্তে শিল্পী হৈ থাকিব বিচাৰে অভিনেত্ৰী নিশিতা গোস্বামীয়ে বৃহস্পতিবাৰে তেজপুৰ চহৰৰ বৰুৱা চিল্ক নামৰ এখন প্ৰতিষ্ঠানৰ উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি অভিনেত্ৰী গৰাকীয়ে কয় যে,মই অভিনয়ৰ যোগেদি পৰিচয় লাভ কৰিছো অভিনয়ৰ বাহিৰে বাকী একো বুজি নাপাওঁ ৷ গতিকে,ৰাজনীতি জগতৰ কথা মই ভাবিবই নোৱাৰো ।
যি সময়ত অসমত শিল্পী সকল প্ৰত্যক্ষ ৰাজনীতিত অংশগ্ৰহণ কৰাৰ প্ৰতিযোগিতা চলিছে সেই সময়তে অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীৰ এই বক্তব্যই এক তাৎপৰ্য বহন কৰিছে । তেওঁ আকৌ কয় যে,মহামাৰী কৰ'ণাৰ বাবে শিল্পী সকলৰ লগতে অসমৰ ৰাইজৰ যথেষ্ট পৰিমাণে ক্ষতি সাধন হৈছে ৷ যাৰবাবে ৰাইজক সজাগ হৈ থাকি পুনৰ নতুন ছবি নিৰ্মাণ কৰাত অনুপ্ৰাণিত কৰিবলৈ অনুৰোধ জনালে অভিনেত্ৰী গৰাকীয়ে ৷
লগতে পঢ়ক : নিৰ্মীয়মাণ অৱস্থাত থকা Solid Waste Management প্ৰকল্প পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ