তেজপুৰ, 23 জুলাই:ৰাখে হৰি মাৰে কোনে ? মাৰে হৰি ৰাখে কোনে ? 13 দিনৰ অন্তত অৰুণাচল প্ৰদেশৰ কুৰুং কুৰ্মে জিলাৰ ভাৰত চীন সীমান্তৰ দামিনত নিখোজ হোৱা 19 গৰাকী শ্ৰমিকৰ 8 গৰাকীক জীৱন্তে উদ্ধাৰ কৰা হৈছে (Missing workers rescue in Arunachal Pradesh)৷ যোৱা 10 জুলাইত ঈদ উপলক্ষে ঘৰলৈ উভতি অহাৰ পথত নিৰুদ্দেশ হৈছিল বৰ্ডাৰ ৰোডছ অৰ্গনাইজেছনৰ অধীনত সীমান্তত কৰ্মৰত শ্ৰমিককেইজন (Assam 19 workers missing in Arunachal Pradesh) ৷
ইয়াৰ পিছতে নিখোজ শ্ৰমিককেইজন বিচাৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল উদ্ধাৰকাৰী দলে ৷ শনিবাৰে পুৱা বায়ুসেনাৰ হেলিকপ্টাৰেৰে অঞ্চলটোত অভিযান চলাওঁতে 7 জন শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰে (Assam workers missing in Arunachal Pradesh found alive) ৷ উদ্ধাৰ হোৱা 7 জন শ্ৰমিকে তেওঁলোকৰ লগত তিনিজন শ্ৰমিকক নৈৰ পানীত উটি যোৱা প্ৰত্যক্ষ কৰে বুলি এছ ডি আৰ এফ (SDRF) বাহিনীক অৱগত কৰে ৷ নদীখনৰ সিপাৰে থকা দুজন শ্ৰমিক পানীত পৰি উটি গৈছে আৰু অন্য এজনে শিলত বহি জিৰণি লৈ থাকোতে নদীত উটি যোৱা প্ৰত্যক্ষ কৰে বুলি শ্ৰমিককেইজনে জানিবলৈ দিয়ে ৷ অৱশ্যে উদ্ধাৰকাৰী দলে এতিয়াও মৃত তিনি শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷
পৰৱৰ্তী সময়ত পুনৰ শনিবাৰেই সন্ধিয়া 6 বজাত পুনৰ উদ্ধাৰকাৰী দলে অন্য এজন নিখোজ শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পিছতে উদ্ধাৰ কৰা 8 জন শ্ৰমিকক এছ ডি আৰ এফ বাহিনীয়ে দামিনতে থাকিবলৈ ব্যৱস্থা কৰি দিছে ৷