অসম

assam

By

Published : Dec 30, 2019, 6:46 PM IST

ETV Bharat / state

পৰ্যটন ক্ষেত্ৰলৈ দুঃসংবাদ : হ্ৰাস পাইছে পৰ্যটকৰ সংখ্যা !

ক্ৰমাৎ হ্ৰাস পাইছে অসমলৈ পৰ্যটকৰ আগমণ ৷ বিগত তিনি মাহৰ চৰকাৰী তথ্য অনুসৰি প্ৰায় 60 শতাংশ পৰ্যটক হ্ৰাস পাইছে অসমত ৷ যাৰ ফলত অসম পৰ্যটন নিগমে হেৰুৱাইছে 4.5 ৰ পৰা 5 কোটি টকাৰ ৰাজহ ৷

Assam tourism lost huge ravenu curren year
পৰ্যটন ক্ষেত্ৰলৈ দুঃসংবাদ

তেজপুৰ, চিৰাং, ডিচেম্বৰ 30 : বছৰৰ শেষত ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰলৈ আহিছে এটা দুঃখবৰ ৷ ক্ৰমাৎ হ্ৰাস পাইছে অসমলৈ পৰ্যটকৰ আগমণ ৷ বিগত তিনি মাহৰ চৰকাৰী তথ্য অনুসৰি প্ৰায় 60 শতাংশ পৰ্যটক হ্ৰাস পাইছে অসমত ৷ যাৰ ফলত অসম পৰ্যটন নিগমে হেৰুৱাইছে 4.5 ৰ পৰা 5 কোটি টকাৰ ৰাজহ ৷

সম্প্ৰতি অসমত চলি থকা আইন শৃংখলা জনিত পৰিস্থিতিৰ বাবেই অসমলৈ আগমণ কমিছে পৰ্যটকৰ ৷ শোণিপুৰ জিলাৰ পৰ্যটন ক্ষেত্ৰসমূহতো ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ শোণিতপুৰ জিলাৰ পৰ্যটন বিষয়া বাসৱ বৰাই জনোৱা মতে, অক্টোবৰ মাহত চৰকাৰী তথ্য অনুসৰি পৰ্যটক আছিল 80 জন ৷ কিন্তু ইয়াৰ ভিতৰত নাছিল এজনো বিদেশী পৰ্যটক ৷ নৱেম্বৰ মাহত 51 জন দেশীয় আৰু 5 গৰাকী বিদেশী পৰ্যটকৰ আগমণ ঘটে ৷ আনহাতে, ডিচেম্বৰ মাহত পৰ্যটকৰ সংখ্যা 18 জন ৷

তুলনামূলকভাৱে, 2018 চনত অক্টোৱৰ মাহত পৰ্যটকৰ সংখ্যা আছিল 157 জন ৷ ইয়াৰ বিপৰীতে বিদেশী পৰ্যটক আছিল 6 গৰাকী ৷ নৱেম্বৰ মাহত 42 জন দেশীয় পৰ্যটক আৰু 3 জন বিদেশী পৰ্যটক ৷ ডিচেম্বৰ মাহত 95 দেশীয় আৰু 9 জন বিদেশী পৰ্যটকৰ আগমণ হৈছিল শোণিতপুৰলৈ ৷

পৰ্যটন ক্ষেত্ৰলৈ দুঃসংবাদ

ইয়াৰ সমান্তৰালভাৱে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যানতো পৰ্যটকৰ আগমণ হ্ৰাসে প্ৰভাৱ পেলাইছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2018 বৰ্ষত পৰ্যটকৰ সংখ্যা আছিল 33259 ইয়াৰ ভিতৰত বিদেশী পৰ্যটকৰ সংখ্যা আছিল 2082 গৰাকী ৷ চলিত বৰ্ষত মুঠ পৰ্যটকৰ সংখ্যা হ'ল 15218 আৰু ইয়াৰ ভিতৰত বিদেশী পৰ্যটক হ'ল 1258 গৰাকী ।

বঙাইগাঁও জিলাৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলতো নাই কোনো এজনো পৰ্যটক । দুষ্প্ৰাপ্য বিশ্ব বিখ্যাত সোণালী বান্দৰৰ ভূমি কাকৈজানাত প্ৰতি বছৰে নৱেম্বৰ-ডিচেম্বৰ মাহত দেশী-বিদেশী পৰ্যটকে ভৰি থাকে ৷ কিন্ত 2019 বৰ্ষৰ অন্তিম ক্ষণতো বনাঞ্চলখনত নাই এজনো পৰ্যটক । চৰকাৰীভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰা এই কাকৈজানা বনাঞ্চলৰ সোণালী বান্দৰ ৰক্ষাৰ দ্বায়িত্ব বহন কৰিছে স্থানীয় লোকে । পৰ্যটক সকলৰ বাবে থকা-খোৱাৰ সকলো ব্যৱস্থা কৰিছে স্থানীয় লোকেই । কিন্ত এইবাৰ অসমত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ ফলত কোনো পৰ্যটক অহা নাই বুলি জনালে স্থানীয় লোকে ।

উল্লেখ্য যে, পৰ্যটকক আকৰ্ষণৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে যদিও বৰ্তমান অসমৰ পৰিস্থিতিৰ বাবে অসমলৈ আহিবলৈ শংকিত হৈ পৰিছে পৰ্যটক ৷ চৰকাৰ পক্ষই এই ক্ষেত্ৰত সংশোধিত নাগৰিকত্ব আইন বিৰুদ্ধে চলা আন্দোলনক দোষাৰোপ কৰিব খুজিছে ৷ কিন্তু, অসমৰ ৰাইজে বাৰম্বাৰ বাধা দিয়াৰ পাচতো বলপূৰ্বকভাৱে চৰকাৰে আইনখন অসমীয়াৰ ওপৰত জাপি দিয়াৰ বাবে যি হঠকাৰী সিদ্ধান্ত লৈছে সেই সিদ্ধান্তও কিন্তু দোষমুক্ত নহয় ৷

ABOUT THE AUTHOR

...view details