অসম

assam

ETV Bharat / state

ভাৰতৰ ভিতৰত ৫২% চাহ উৎপাদনকাৰী অসমৰ চাহ শ্ৰমিক বঞ্চিত ST মৰ্যদাৰ পৰা

২০২১ অসম বিধান সভা নিৰ্বাচনত আদিবাসী সম্প্ৰদায় তথা চাহ জনজাতি লোকসকলৰ মাজত কেনে প্ৰভাৱ বিস্তাৰ কৰিব সেয়া এক গুৰুত্বপূৰ্ণ বিষয় । এইবাৰ অসম বিধান সভাৰ নিৰ্বাচনত প্ৰায় এক ডজন চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীয়ে ভিন্ন ৰাজনৈতিক দলৰ পৰা নিৰ্বাচনী যুঁজত নামিছে । চাহ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী ST মায্যাদা বিগত সময়চোৱাত কোনো এখন চৰকাৰে প্ৰদান নকৰিলে যাৰ বাবে এই জনগোষ্ঠীৰ লোকসকলৰ মাজত ই এক প্ৰধান সমস্যা হিচাবে বিবেচিত হৈছে । তেজপুৰৰ পৰা প্ৰণৱ কুমাৰ দাসৰ এক বিশেষ প্ৰতিবেদন ৷

As_Tezpur_assam-tea-workers-are-deprived-of-getting-st-category_img_7203907
ভাৰতৰ ভিতৰত ৫২% চাহ উৎপাদনকাৰী অসমৰ চাহ শ্ৰমিক বঞ্চিত ST মৰ্যদাৰ পৰা

By

Published : Mar 12, 2021, 2:25 PM IST

Updated : Mar 15, 2021, 11:55 AM IST

তেজপুৰ, 12 মাৰ্চ:অসমত প্ৰায় ১ কোটি ২৩ হাজাৰ চাহ জনগোষ্ঠীৰ লোকে বসবাস কৰে আৰু ইয়াৰ ভিতৰত প্ৰায় ৯০ লাখ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত আছে ৷ অসমৰ প্ৰতিটো নিৰ্বাচনত এই লোকসকলে এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে ৷ উজনি অসমৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অধিক চাহ বাগিচা আছে আৰু ইয়াৰ অন্তৰ্গত প্ৰতিটো সমষ্টিতে চাহ জনগোষ্ঠীয় লোকে স্বাধীনতাৰ পিছৰে পৰা প্ৰতিনিধিত্ব কৰি আহিছে ।

ব্ৰিটিছ শাসনৰ সময়ত অসমত ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা চাহ বাগিচাৰ বনুৱা হিচাপে অহা এই সকল লোক পৰৱৰ্তী সময়ত অসমৰ স্থায়ী বাসিন্দা হিচাপে বসবাস কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ পিছতে অসমত এই জনগোষ্ঠীৰ লোক সকলক একমাত্ৰ নিৰ্বাচনৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বিভিন্ন ৰাজনৈতিক দল সমূহে । ওড়িশা, ঝাৰখণ্ড,ছত্তিশগড় আদি ৰাজ্যৰ পৰা অহা এই চাহ জনগোষ্ঠীয় লোকসকলে বৰ্তমানে সেই ৰাজ্যত ভাৰতীয় সংবিধানৰ অনুসৰি বিশেষ সুবিধা (ST) জনগোষ্ঠীৰ মৰ্যাদা লাভ কৰিছে যদিও অসমত এই মৰ্যাদাৰ বাবে বিগত সময়চোৱাত চাহ জনগোষ্ঠীৰ মাজত এক প্ৰতিবাদী কাৰ্যসূচী আব্যাহত আছে ।

চাহ শ্ৰমিকৰে মত বিনিময়ৰ মুহুৰ্তত কংগ্ৰেছ নেতৃ প্ৰিয়ংকা গান্ধী

কংগ্ৰেছ চৰকাৰৰ শাসনৰ সময়ত চাহ জনগোষ্ঠীয় লোক সকলে অসমত এই দাবী লৈ ভয়ংকৰ আন্দোলন গঢ়ি তুলিছিল ৷ ফলস্বৰূপে ২০০৭ চনৰ ২৬ নৱেম্বৰত আদিবাসী ছাত্ৰ সংগঠনৰ নেতৃত্বত গুৱাহাটীৰ বেলতলাত উলংগ হ’ব লগা হৈছিল বিশ্বনাথৰ আদিবাসী জীয়ৰী লক্ষ্মী ওৰাং । কিন্তু এই প্ৰসংগ লৈ পৰৱৰ্তী সময়ত ৰাজনৈতিক দল সমূহে নিজৰ ৰাজনীতিৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ ব্যৱহাৰৰ কৰিলে এই লক্ষ্মী ওৰাংক । কিন্তু সেই সময়ত পৰৱৰ্তী নিৰ্বাচনত প্ৰভাৱ পেলাব পাৰে বুলি সন্দেহ কৰা হৈছিল কিন্ত তেনে একো নহ’ল আৰু সমস্যা একেই থাকিল ৷

মন কৰিবলগীয়া যে, বিগত সময়চোৱাত ৰাজনৈতিক দল সমূহে এই জনগোষ্ঠীক STৰ মৰ্যদা প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে যদিও সেয়া মাত্ৰ প্ৰতিশ্ৰুতি হৈয়ে থাকিল । ST ৰ মৰ্যদা প্ৰদান কৰিলে অন্যান্য জনগোষ্ঠীৰ দৰে তেওঁলোকে চৰকাৰৰ পৰা বিশেষ সুবিধা লাভ কৰিব পাৰে । এই মৰ্যদা প্ৰদান নকৰাৰ বাবে চাহ জনগোষ্ঠীৰ লোকসকলে নিৰ্বাচনত এইবাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে । ফলস্বৰূপে শাসকীয় বিজেপি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে আৰু নৱ গঠিত ৰাজনৈতিক দলৰ প্ৰাৰ্থীত্ব লৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা দেখা গৈছে ।

চাহ শ্ৰমিকৰ সৈতে পাত তোলা মুহুৰ্তত প্ৰিয়ংকা গান্ধী

অসমত মুঠ ৮০০ চাহ বাগিচা আছে তাৰ ভিতৰত ২০০ প্ৰধান চাহ বাগিচা আৰু বাকী ৬০০ সাধাৰণ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে । এই বাগিচা সমূহত ১০ লাখ চাহ শ্ৰমিক আছে ৷ ইয়াৰ ভিতৰত ৪ লাখ মহিলা শ্ৰমিক । এই চাহ শ্ৰমিক সকলে প্ৰতিটো নিৰ্বাচনত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে যদিও বহু সময়ত ৰাজনৈতিক মুনাফা লাভৰ বাবে ভিন্ন ৰাজনৈতিক দল সমূহে বিপথে পৰিচালিত কৰা হয় ইয়াৰ এক মাত্ৰ কাৰণ শ্ৰমিক সকলৰ শিক্ষাৰ মানদণ্ড উন্নত নহয় ।

ভাৰতবৰ্ষৰ চাহ বাগিচা সমূহৰ বছৰি চাহ উৎপাদনৰ ৫২% অসমৰ চাহ বাগিচাৰ পৰা উৎপাদন হয় । উল্লেখযোগ্য যে, নিৰ্বাচনৰ পূৰ্বে অসম চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি তাৎক্ষণিক ১৬৭ টকাৰ পৰা ৫০ টকা বৃদ্ধি কৰি ২১৭ টকা কৰিছিল আৰু চলিত মাহৰ মাৰ্চৰ ৩ তাৰিখৰ পৰা এই বৰ্ধিত ধন শ্ৰমিকে লাভ কৰিব লাগিছিল, কিন্তু ইয়াৰ পিছত মালিক পক্ষই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল যে এই বৃদ্ধি মজুৰি আইনৰ অধীনত বৃদ্ধি পোৱা প্ৰয়োজন তাকে নকৰাৰ বাবে গুৱাহাটী উচ্চতম ন্যায়ালয়ে এই বিষয়ে স্থগিতাদেশ জাৰি কৰিছে ।

ভাৰতৰ ভিতৰত ৫২% চাহ উৎপাদনকাৰী অসমৰ চাহ শ্ৰমিক বঞ্চিত ST মৰ্যদাৰ পৰা

গতিকে চাহ শ্ৰমিকৰ মজুৰি বৰ্তমান পূৰ্বৰ দৰেই ১৬৭ টকাতেই সীমাবদ্ধ হৈ থাকিল । আনহাতে, নিৰ্বাচনৰ মাজতে চাহ শ্ৰমিকৰ ছাত্ৰ সংগঠন আটচাই অহা ২২ মাৰ্চত অসমৰ সমগ্ৰ চাহ বাগিচাৰ বন্ধ ঘোষণা কৰিছে । এই সকলো বিষয়ৰ পৰা পৰ্যালোচনা কৰিলে এইবাৰ চাহ শ্ৰমিক সকলে নিৰ্বাচনত যি কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ এক ইংগিত বহন কৰিছে ।

লগতে পঢ়ক-জনতাৰ কণ্ঠ: ডিফু সমষ্টিৰ উন্নয়নৰ খাতিয়ান

Last Updated : Mar 15, 2021, 11:55 AM IST

ABOUT THE AUTHOR

...view details