তেজপুৰ, ১৫ নৱেম্বৰ : অসম গৌৰৱ পৰাক্ৰমী বীৰ যোদ্ধা লাচিত বৰফুকনৰ নামত তৈয়াৰ হৈছে অসমৰ মূল্যৱান চাহ (Assam Tea branded in name of Lachit) । এটা বিশেষ চাহপাতৰ পেকেটৰ নামকৰণ কৰা হৈছে বীৰ যোদ্ধা লাচিতৰ নামত । ইতিমধ্যে তাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে । জানিব পৰা মতে, আগন্তুক ২৪ নৱেম্বৰত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীত (400th birth anniversary of Lachit Borphukan) নতুন দিল্লীত India International Trade Fair (IITF) প্ৰগতি মৈদানত মুকলি কৰা হ'ব উক্ত লাচিত ব্ৰেণ্ডৰ চাহপাত ।
Aromica চাহ উদ্যোগৰ স্বত্বাধিকাৰী ৰঞ্জিত বৰুৱাই তেওঁ চাহ উদ্যোগৰ পৰা এই বীৰ লাচিত "Bir Lachit, strong Assam Black tea" (an epitome of character and Strength) নাম দি ২৫০ গ্ৰামৰ পেকেট তৈয়াৰ কৰি উলিয়াইছে । লগতে লাচিত বৰফুকনৰ জীৱনগাথাৰ বিষয়ে চাহপাতৰ পেকেটটোত উল্লেখ কৰা হৈছে ।
উল্লেখযোগ্য যে অসম চৰকাৰে এইবাৰ সমগ্ৰ ৰাজ্যতে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী ৭ দিনীয়াকৈ উদযাপন কৰাৰ কাৰ্যসূচী হাতত লৈছে (Assam Govt organised Lachit Jayanti) । আনহাতে, দেশৰ ৰাজধানী নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণেৰে লাচিত দিৱস উদযাপন কৰা হ'ব ।