তেজপুৰ,৩১আগষ্ট:তেজপুৰৰ বাৰহলীয়া নিৱাসী অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক লক্ষীধৰ বৰা আৰু সহ শিক্ষয়ত্ৰী মানসী বৰাৰ পুত্ৰ ৰাহুল বৰাই লাভ কৰিছে বিদেশত অধ্যয়ণৰ সুযোগ ৷ ২০২২-২৩ বৰ্ষৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰিবৰ বাবে ইউনাইটেড ইউনিভাৰ্ছিটিৰ নৰ্থ ইষ্ট ইংলেণ্ডৰ নিউকেষ্টল ইউনিভাৰ্ছিটিত নামভৰ্তিৰ বাবে সুবিধা লাভ কৰিছে(Assam student got admission in Newcastle university) ।
বিশ্ববিদ্যালয়খনত নামভৰ্তি কৰিবৰ বাবে বৃটিছ কাউন্সিলে অনুষ্ঠিত কৰা আই.ই.এল.টি.এছ.(IELTS examination conducted by British Council)পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত বিশ্বৰ কেবাখনো বিশ্ববিদ্যালয়ত জলপানিসহ নামভৰ্তিৰ সুবিধা লাভ কৰিছে ৰাহুলে । ইয়াৰ ভিতৰত ইউ এছ এৰ চেম্পিয়ন ইউনিভাৰ্ছিটি, ইংলণ্ড ইউনিভাৰ্চিটি অব চাচেকচ আৰু নিউকেষ্টল ইউনিভাৰ্ছিটিৰ নাম উল্লেখযোগ্য ।
আনহাতে, ৰাহুলে এনচিআইডিএ ইন্টাৰনেশ্বনেল ইউনিভাৰ্চিটিৰ পৰা ২০২০ বৰ্ষত চিনেমা আৰু টেলিভিশ্বন বিষয়ত লাভ কৰিছিল স্নাতক ডিগ্ৰী । বৰ্তমান নিউকেষ্টল ইউনিভাৰ্চিটিত নামভৰ্তি কৰা বিদেশী ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটি স্কলাৰশ্বিপ পৰীক্ষাত মুষ্টিমেয় সংখ্যক ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা বিশেষ জলপানি লাভৰ যোগ্যতা অৰ্জন কৰিছে তেজপুৰৰ এইগৰাকী মেধাৱী ছাত্ৰই (Assam student Eligible for special scholarships)।
উল্লেখ্য যে, উক্ত পৰীক্ষাটো ভাৰতৰ লগতে কানাডা, তুৰ্কী, কেনিয়া, টানঞ্জানীয়া, দক্ষিণ আফ্ৰিকা, আমেৰিকা আৰু মালয়েছিয়াসহ আঠখন দেশৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হৈছিল । শৈশৱৰ পৰাই মেধাৱী ছাত্ৰ ৰাহুলে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল ।
লগতে পঢ়ক:বৰপেটাৰ গৌৰাংগলাল দাস হ'ব টাইৱানত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত