তেজপুৰ , 25 নৱেম্বৰঃ সোমবাৰে সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো 'অসম ষ্টেট পাৱাৰ ৱ'কাৰ্ছ ইউনিয়ন'য়ে 2 ঘন্টাৰ ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷ 'উদ্যোগ বচাওক শ্ৰমিক বচাওক' সংগ্ৰাম সমিতিৰ লগত যৌথভাৱে এই ধৰ্ণা কাৰ্যসূচী পালন কৰা হয় ৷
তেজপুৰত 'অসম ষ্টেট পাৱাৰ ৱ'কাৰ্ছ ইউনিয়ন'ৰ ধৰ্ণা কাৰ্যসূচী - Assam State Power Workers Union Tezpur Branch
সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো পালন এই ধৰ্ণা কাৰ্যসূচী ৷ মুখ্যমন্ত্ৰীলৈ 18 দফীয়া দাবীৰে পত্ৰ প্ৰেৰণ 'অসম ষ্টেট পাৱাৰ ৱ'কাৰ্ছ ইউনিয়ন'ৰ ৷
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ উত্তৰসুৰী কোম্পানীৰ সমূহকে ধৰি ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহ ব্যক্তিগতকৰণৰ যি প্ৰচেষ্টা চৰকাৰে গ্ৰহণ কৰিছে তাৰ তীব্ৰ বিৰোধিতা কৰি আজি এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। ইয়াৰোপৰিও 'অসম ষ্টেট পাৱাৰ ৱ'কাৰ্ছ ইউনিয়ন'য়ে মুঠ 18 দফীয়া দাবীৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ পত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য যে পত্ৰখনত তেওঁলোকে ৰাজ্যৰ স্ব-নিৰ্ভৰশীল বিদ্যুৎ উৎপাদন,প্ৰবহন আৰু নিকা বিতৰণ ব্যৱস্থা গঢ়ি তোলা,কৰ্মচাৰীৰ দৰমহা সংশোধনী 2016ৰ আসোঁৱাহ সমূহ দূৰ কৰা,বিল ক্লাৰ্ক আৰু মিটাৰ ৰিডাৰ পদ দুটা একত্ৰীকৰণ বন্ধ কৰি পূৰ্বৰ দৰে বাহাল ৰখাৰ দাবী তোলে ।