অসম

assam

ETV Bharat / state

"এ আই ইউ ডি এফৰ বোকোচাত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ দিবাস্বপ্ন কংগ্ৰেছৰ" - বৃন্দাবন গোস্বামী

বৰছলা সমষ্টিত অনুষ্ঠিত বিজেপিৰ জনসভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ কংগ্ৰেছ-এ আই ইউ ডি এফক তীব্ৰ ভাষাৰে সমালোচনা মুখ্যমন্ত্ৰীগৰাকীৰ ৷ চৈধ্যখন লোকসভা আসনৰ 12খনত জয়লাভ কৰিব বিজেপি-অগপ-বিপিএফৰ মিত্ৰজোঁটে ৷

এ আই ইউ ডি এফৰ বোকোচাত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ দিবাস্বপ্ন কংগ্ৰেছৰ

By

Published : Apr 2, 2019, 6:07 PM IST

Updated : Apr 2, 2019, 6:59 PM IST

শোণিতপুৰ, 2 এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে তৎপৰ হৈছে প্ৰত্যেকটো ৰাজনৈতিক দল ৷ সমষ্টিয়ে সমষ্টিয়ে তীব্ৰ গতিত প্ৰচাৰ অভিযান চলাইছে কংগ্ৰেছ বিজেপি অগপই ৷ ইয়াৰ মাজতে মঙলবাৰে শোণিতপুৰৰ বৰছলা সমষ্টিত বিজেপিয়ে অনুষ্ঠিত কৰা জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত আয়োজিত বিজেপিৰ সভাখনত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে বৰছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু, তেজপুৰৰ বিধায়ক তথা অগপ নেতা বৃন্দাবন গোস্বামী, বিধায়ক অশোক সিংঘালৰ লগতে দলটোৰ অন্যান্য শীৰ্ষ নেতা ৷

এ আই ইউ ডি এফৰ বোকোচাত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ দিবাস্বপ্ন কংগ্ৰেছৰ

সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত, প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দেশত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে দৃঢ়তাৰে আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিছে বুলি মন্তব্য কৰে ৷ লগতে কংগ্ৰেছৰ কোনো নীতি নাই, দুৰ্নীতিয়ে তেওঁলোকৰ সৰ্বোচ্চ নীতি বুলিও কয় ৷ কংগ্ৰেছ এই আই ইউ ডি এফৰ গোপন মিত্ৰতাই প্ৰমাণ কৰিলে যে, ৰাইজক কংগ্ৰেছ দলে নিৰাপত্তা প্ৰদান কৰিব নোৱাৰে ৷ কংগ্ৰেছে কেৱল অবৈধ বিদেশীৰ ভোটেৰে নিৰ্বাচনী বৈতৰণী পাৰ হ'ব বিচাৰিছে ৷ কিন্তু কংগ্ৰেছৰ এই ষড়যন্ত্ৰক অসমৰ সৰ্বসাধাৰণ ৰাইজে প্ৰত্যাখ্যানকৰিব আৰু লোকসভা নিৰ্বাচনত বিজেপি-অগপ-বিপিএফৰ মিত্ৰজোঁটে 12 খনকৈ আসন লাভ কৰিব বুলিও মন্তব্য কৰে ৷

ইপিনে সভাত উপস্থিত থাকি বিজেপিৰ কেন্দ্ৰীয় নেতা তথা অসমৰ প্ৰভাৰী মহেন্দ্ৰ সিঙে বালাকোটত বায়ুসেনাই চলোৱা এয়াৰ ষ্টাইকৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ বলিষ্ঠ পদক্ষেপক শলাগ লয় ৷ লগতে, দেশৰ পৰা দুৰ্নীতি,সন্ত্ৰাসবাদ আতৰ কৰি সমৃদ্ধিশালী ভাৰত নিৰ্মাণৰ অৰ্থে বিজেপিক ভোট দিবলৈ আহ্বান জনায় ৷

Last Updated : Apr 2, 2019, 6:59 PM IST

ABOUT THE AUTHOR

...view details