৮ মাৰ্চ, ফেব্ৰুৱাৰীঃ পৰিবৰ্তনগামী চৰকাৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ উদঙাইছে শোনিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ ৰূপাজুলি ভাঙাবিল আৰু খেৰনীবস্তি সংযোগী পথচোৱাৰ ডিপোটা নদীখনৰ দলং খনে। দুভাগ্যজনক ভাৱে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ অহা এই গাঁৱৰ ৰাইজে এখন পকী দলং নিৰ্মাণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত বাঁহৰ দলঙেৰে যাতায়ত কৰিবলগীয়া হৈছে।
ৰঙাপৰাত বাঁহৰ দলঙেৰে বিপদ সংকূল যাত্ৰা ৰাইজৰ
দীৰ্ঘদিনৰ পৰা অঞ্চলটোৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী সকলে উপায় বিহীন হৈ বিপদ সংকূল ভাৱে অহা-যোৱা কৰি আহিছে। ৰাজ্য চৰকাৰৰ জনপ্ৰতিনিধি সকলে পকী দলঙৰ ব্যৱস্থা কৰি নিদিয়াৰ ফলত স্থানীয় ৰাইজে দান-বৰঙনি সংগ্ৰহ কৰি নিজাববীয়াকৈ বাঁহৰ দলং সাজি লবলৈ বাধ্য হৈছে।