তেজপুৰ, ১০ নৱেম্বৰ : অসম চৰকাৰৰ সংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাতো শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে অসম সাংস্কৃতিক মহাসংগ্ৰাম । শোণিতপুৰ জিলাৰ পাঁচটা স্থানত আৰম্ভ হৈছে এই সাংস্কৃতিক মহাসংগ্ৰাম । ঢেকীয়াজুলি, জামুগুৰিহাট, চতিয়া, তেজপুৰ আৰু ৰঙাপৰাত আৰম্ভ হৈছে এই সাংস্কৃতিক মহাসংগ্ৰাম ।
মন্ত্ৰী ক্ৰমে অশোক সিংহল,বিধায়ক পদ্ম হাজৰিকা, পৃথ্বিৰাজ ৰাভা আৰু বিধায়ক কৃষ্ণ কমল তাঁতীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে এই সাংস্কৃতিক মহাসংগ্ৰাম । আনহাতে, তেজপুৰত বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ উপস্থিতিত ভূপেন হাজৰিকা কলাভূমিত আৰম্ভ হৈছে এই সংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতাসমূহ ।
শোণিতপুৰ জিলাত মুঠ ৩১ ,৫০০ প্ৰতিযোগীয়ে প্ৰতিযোগিতাৰ বাবে পঞ্জীয়ন কৰিছে । লগতে অনুষ্ঠান অনুষ্ঠিত হোৱা স্থানতো পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই । উল্লেখ্য যে শুকুৰবাৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতা নৱেম্বৰ মাহৰ ৩০ তাৰিখলৈ পঞ্চায়ত তথা পৌৰসভাৰ অন্তৰ্গত বিভিন্ন ঠাইত অনুষ্ঠিত হোৱাৰ পিছত ডিচেম্বৰ মাহৰ পৰা সমষ্টি আৰু জানুৱাৰী মাহত জিলা পৰ্যায়ত অনুষ্ঠিত হ'ব ।