অসম

assam

ETV Bharat / state

হাফলঙত হিমা দাসক সম্বৰ্ধনা অসম ৰাইফলছৰ - Arjuna Awardee Hima Das

ক্ৰীড়াৰ প্ৰসাৰ তথা ইয়াৰ বাবে নৱপ্ৰজন্মক উৎসাহিত কৰাৰ বাবে ডিমা হাচাও ভ্ৰমণত আছে অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক তথা ৰাষ্ট্ৰীয় ৰেকৰ্ডৰ অধিকাৰী হিমা দাস । উক্ত ভ্ৰমণৰ সময়তে অৰ্জুন বঁটাপ্ৰাপক হিমা দাসক (Arjuna Awardee Hima Das) সম্বৰ্ধনা জনাবলৈ পাই সৌভাগ্য অৰ্জন কৰা বুলি জনায় অসম ৰাইফলছে ।

Hima Das
Hima Das

By

Published : Oct 9, 2022, 8:30 PM IST

তেজপুৰ, ৯ অক্টোবৰ : অৰ্জুন বঁটাপ্ৰাপক অসমৰ দৌৰবিদ হিমা দাসক অসম ৰাইফলছৰ সম্বৰ্ধনা (Assam Rifles felicitated Hima Das) । অসম ৰাইফলছৰ হৈ মুখ্য কাৰ্যালয়ৰ ইন্সপেক্টৰ জেনেৰেল অসম ৰাইফলছ (পূব)ৰ অধীনত মুখ্য কাৰ্যালয় ২১ ছেক্ট AR হাফলং বেটেলিয়নে এই সম্বৰ্ধনা জনায় (Headquarters Inspector General Assam Rifles East) । দেওবাৰে হাফলঙৰ এন এল ডাউলাগুপু ষ্টেডিয়ামত অনুষ্ঠিত এক অনুষ্ঠানত হিমা দাসক সম্বৰ্ধনা জনোৱা হয় (Hima Das felicitated at Haflong) ।

হাফলঙত হিমা দাসক সম্বৰ্ধনা অসম ৰাইফলছৰ

উল্লেখ্য, ক্ৰীড়াৰ প্ৰসাৰ তথা ইয়াৰ বাবে নৱপ্ৰজন্মক উৎসাহিত কৰাৰ বাবে ডিমা হাচাও ভ্ৰমণত আছে অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক তথা ৰাষ্ট্ৰীয় ৰেকৰ্ডৰ অধিকাৰী হিমা দাস । উক্ত ভ্ৰমণৰ সময়তে অৰ্জুন বঁটাপ্ৰাপক হিমা দাসক (Arjuna Awardee Hima Das) সম্বৰ্ধনা জনাবলৈ পাই সৌভাগ্য অৰ্জন কৰা বুলি জনায় অসম ৰাইফলছে ।

হাফলঙত হিমা দাসক সম্বৰ্ধনা অসম ৰাইফলছৰ

উক্ত সম্বৰ্ধনা অনুষ্ঠানত ডিমা হাচাওৰ ২৮ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, কেবিনেট মন্ত্ৰী মতী নন্দিতা গাৰ্লোচা (Cabinet Minister Nandita Garlosa), জিলাখনৰ উপায়ুক্ত আৰু অন্যান্য ক্ৰীড়া কৰ্তৃপক্ষৰ বিষয়ববীয়া উপস্থিত থাকে । উক্ত অনুষ্ঠান অসম ৰাইফলছৰ বাবে ক্ৰীড়াক উৎসাহিত কৰাৰ এক সুযোগ বুলি উল্লেখ কৰে । অসম ৰাইফলছৰ মতে, ইয়াৰ জৰিয়তে সমাজৰ বিকাশ কৰিব পৰা যাব আৰু যুৱসকলক সঠিক দিশত নিৰ্দেশিত কৰিব পাৰে । যাৰ ফলত এক ব্যাপক ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ হ'ব ।

লগতে পঢ়ক :ডিমা হাছাওত ১৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ আনন্দৰাম বৰুৱা বঁটা

ABOUT THE AUTHOR

...view details