তেজপুৰ, ১৯ আগষ্ট:বুধবাৰে নিশা ভাৰত-ম্যানমাৰ সীমান্তত স্পিয়াৰ কৰ্পৰ অধীনত অসম ৰাইফলছৰ চাচাদ বেটেলিয়ানে গোপন সূত্ৰৰ পমখেদি এক তথ্য লাভ কৰি তিনিটা ইম্প্ৰুভাইজড বিস্ফোৰক সজুঁলি (আই ই ডি) আৰু অন্যান্য বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ নিৰাপত্তা বাহিনীক লক্ষ্য কৰি যি পৰিকল্পনা কৰি উগ্ৰপন্থীয়ে বিস্ফোৰক সামগ্ৰী সংস্থাপন কৰিছিল, নিৰাপত্তাৰক্ষীয়ে সেই সমূহ উদ্ধাৰ কৰি উগ্ৰপন্থীৰ প্ৰচেষ্টা বিফল কৰিবলৈ সক্ষম হয় ৷
উল্লেখযোগ্য যে, উগ্ৰপন্থী সংগঠনৰ কুটাঘাতৰ সম্পৰ্কে এক নিৰ্ভৰযোগ্য ইনপুটৰ দ্বাৰা তথ্য লাভ কৰি ভাৰত-ম্যানমাৰ সীমান্তৰ ওচৰত অসম ৰাইফলছৰ সেনাই তালাচি অভিযান চলোৱাৰ আৰম্ভ কৰিছিল বুলি প্ৰতিৰক্ষা বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰিছে । অভিযানৰ সময়ত সৈন্যবাহিনীয়ে ভালেসংখ্যক বিস্ফোৰক জিলেটিন ষ্টিক, ডিট’নেটৰ আৰু ফিউজৰ সৈতে কেবাটাও আইইডি চিনাক্ত কৰাৰ লগতে এইসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়কঃ পাঁচ দফীয়া দাবীৰে শিৱসাগৰত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ