অসম

assam

By

Published : Apr 9, 2019, 11:56 PM IST

ETV Bharat / state

বতৰৰ বাধা নেওচি ৰঙাপৰাৰ এম জি ভি কে ভানুৰ শক্তি প্ৰদৰ্শন

প্ৰতিকূল বতৰ বাধাকো নেওচি ৰঙাপৰাত কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুৰ বিশাল নিৰ্বাচনী প্ৰচাৰ

বতৰৰ বাধা নেওচি ৰঙাপৰা প্ৰচাৰ সভাত এম জি ভি কে ভানু

ৰঙাপাৰা, 9 এপ্ৰিলঃ ৰাজ্যত অহা 11 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত ৰঙাপৰাত কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ চলাই । কংগ্ৰেছৰ সমৰ্থকসকলে নিৰ্বাচনী প্ৰচাৰ চলাই এক প্ৰকাৰ শক্তি প্ৰদৰ্শন কৰে। মঙলবাৰে শোণিতপুৰৰ ৰঙাপৰাৰ অসম চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভে কে ভানুৱে অংশ লয়।

বতৰৰ বাধা নেওচি ৰঙাপৰা প্ৰচাৰ সভাত এম জি ভি কে ভানু

দিনৰ ১২ বজাত অসম চাহ মজদুৰ সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থকা ৰঙাপৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীয়ে ভাষণ প্ৰসংগত কয় যে পৰিৱৰ্তন কৰাৰ নামত বিজেপি চৰকাৰখনে নিবনুৱা সমস্যা, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, চাহ শ্ৰমিকৰ সমস্যা সমূহ সমাধান কৰিব নোৱাৰিলে লগতে মালিক পক্ষৰ সৈতে গোপনে মিলি চৰকাৰ তথা শ্ৰমমন্ত্ৰী পল্লৱ লোচন দাসে চাহ শ্ৰমিক ৰাইজক দৈনিক মজুৰি বৃদ্ধি কৰাৰ পৰিৱৰ্তে চৰম প্ৰতৰণা কৰা বুলি সভাত অভিযোগ তোলে। সভাত তেজপুৰ লোকসভাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী এম জি ভি কে ভানু উপস্থিত হৈ চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃৰ্দ্ধিৰ প্ৰসংগত বোৰ্ডে চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিছিল যদিও মন্ত্ৰী পল্লৱ লোচন দাসে বাগিচাসমূহৰ পৰিচালকৰ লগত আলোচনা কৰি মজুৰি বৃদ্ধি বন্ধ কৰি ৰাখিছে বুলি এক গুৰুতৰ অভিযোগ তোলে। ইয়াৰোপৰি ভানুৱে প্ৰতিকূল বতৰৰ বাধাকো নেওচি সমদলত অংশগ্ৰহণ কৰে।

ABOUT THE AUTHOR

...view details