অসম

assam

ETV Bharat / state

তেজপুৰত কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জাগৰণ আৰু পদ যাত্ৰা - Assam prodesh congress protest against CAA at Tezpur

তেজপুৰত অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত ‘অস্তিত্ব ৰক্ষাৰ জাগৰণ’ আৰু পদ যাত্ৰা ৷ প্ৰায় শতাধিক কংগ্ৰেছৰ কৰ্মীৰ অংশগ্ৰহণৰে তেজপুৰ পাৰ্কিং ৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপলৈ পদযাত্ৰা উলিওৱা হয় ৷ আনহাতে, জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ এক পত্ৰ প্ৰেৰণ কৰে ৷

Assam prodesh congress protest against CAA at Tezpur
তেজপুৰত কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জাগৰণ আৰু পদ যাত্ৰা

By

Published : Feb 15, 2020, 8:59 PM IST

তেজপুৰ, 15 ফেব্ৰুৱাৰীঃ তেজপুৰত অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত ‘অস্তিত্ব ৰক্ষাৰ জাগৰণ’ আৰু পদ যাত্ৰা ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত ‘অস্তিত্ব ৰক্ষাৰ জাগৰণ’ সভাত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত শাসনাধীন বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে । 2021 বৰ্ষত কংগ্ৰেছ দল শাসনলৈ আহিলে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ সম্পূৰ্ণ ৰূপে বাতিল কৰাৰো আশ্বাস প্ৰদান কৰে ৰিপুন বৰাই ৷

তেজপুৰত কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জাগৰণ আৰু পদ যাত্ৰা

প্ৰায় শতাধিক কংগ্ৰেছৰ কৰ্মীৰ অংশগ্ৰহণৰে তেজপুৰ পাৰ্কিঙৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপলৈ পদযাত্ৰা উলিওৱা হয় ৷ আনহাতে, জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ এক পত্ৰ প্ৰেৰণ কৰা হয় ৷ উক্ত পত্ৰৰ দ্বাৰা অনুসূচীত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ সংৰক্ষণ ব্যৱস্থা, নিযুক্তি আৰু পদোন্নতি দুয়ো ক্ষেত্ৰত বাহাল ৰখাৰ বাবে দাবী উত্থাপন কৰা হয় ৷

লগতে পঢ়ক-কৰিমগঞ্জৰ লালখিৰাত পথ দূৰ্ঘটনা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details