অসম

assam

ETV Bharat / state

NRC ৰ চূডান্ত তালিকাৰ পৰা নাম কৰ্তন অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালৰ

1971 চনৰ 24 মাৰ্চক ভিত্তি বৰ্ষ হিচাপে লৈ অসমত নাগৰিক পঞ্জীৰ কাম উন্নীতকৰণ কৰা হৈছে ৷ 2019 চনৰ 31 আগষ্টত প্ৰকাশ পোৱা খচৰাৰ পৰা কৰ্তন হৈছিল শোণিতপুৰ জিলাৰ প্ৰায় 60 হাজাৰ লোকৰ নাম । এই অন্তৰ্ভুক্তিকৰণৰ পৰা বহুতো থলুৱা লোকৰ লগতে তেজপুৰ চনমাৰীৰ অসম আন্দোলনৰ শ্বহীদ বৈজয়ন্তী দেৱীৰ পৰিয়ালৰ তিনিজন লোকৰ নাম কৰ্তন হোৱাৰ অভিযোগ উখাপন হৈছিল । সম্পূৰ্ণ তথ্য দিয়াৰ পিচতো খচৰাত অন্তৰ্ভুক্ত নোহাৱাৰ অভিযোগ উখাপন হৈছে ৷

By

Published : Aug 28, 2020, 8:28 PM IST

Updated : Aug 28, 2020, 10:04 PM IST

Assam Movement Martyred family name excluded from NRC
NRC ৰ চূডান্ত তালিকাৰ পৰা নাম কৰ্তন অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালৰ

তেজপুৰ, 28 আগষ্ট :ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অসমত বসবাস কৰা প্ৰকৃত ভাৰতীয় নাগৰিকৰ চিনাক্তকৰণ । এই প্ৰক্ৰিয়া আৰম্ভ হয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে 2013 চনত ৷ 1971 চনৰ 24 মাৰ্চক ভিত্তি বৰ্ষ হিচাপে লৈ অসমত নাগৰিক পঞ্জীৰ কাম উন্নীতকৰণ কৰা হৈছে ৷

NRC ৰ চূডান্ত তালিকাৰ পৰা নাম কৰ্তন অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালৰ

কিন্তু 2019 চনৰ 31 আগষ্টত প্ৰকাশ পোৱা খচৰাৰ পৰা কৰ্তন হৈছিল শোণিতপুৰ জিলাৰ প্ৰায় 60 হাজাৰ লোকৰ নাম । এই অন্তৰ্ভুক্তিকৰণৰ পৰা বহুতো থলুৱা লোকৰ লগতে তেজপুৰ চানমাৰীৰ অসম আন্দোলনৰ শ্বহীদ বৈজয়ন্তী দেৱীৰ পৰিয়ালৰ তিনিজন লোকৰ নাম কৰ্তন হোৱাৰ অভিযোগ উখাপন হৈছিল । সম্পূৰ্ণ তথ্য দিয়াৰ পিচতো খচৰাত অন্তৰ্ভুক্ত নোহাৱাৰ অভিযোগ উখাপন হৈছে ৷ ভাতৃ ৰাজেন উপ্যাধ্যায়ৰ পত্নী নিৰ্মলা দেৱী , পুত্ৰ ৰোহিত্যাক্ষ আৰু মিহিৰণৰ নাম তালিকাত অন্তৰ্ভুক্ত নোহোৱাৰ অভিযোগ উখাপন হৈছে ।

উল্লেখ্য যে, বৈজয়ন্তী দেৱীৰ পৰিয়ালক 2016 চনতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজহুৱাকৈ শ্বহীদৰ সন্মান প্ৰদৰ্শন কৰিছিল । কিন্তু তাৰ পিচতো NRC ৰ তালিকাত নাম অন্তৰ্ভুক্ত নোহাৱাত বৰ্তমান পৰিয়ালটো শংকিত হৈ পৰিছে ৷

শ্বহীদ বৈজয়ন্তী দেৱী

আনহাতে, শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিলৰ বাসিন্দা অমিলা চাহ নামৰ মহিলা গৰাকী ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চূড়ান্ত খচৰাৰ পিচতে " ডি " ভোটাৰ চিনাক্তকৰণ কৰি তেজপুৰ কাৰাগাৰত থকা ডিটেনশ্যন কেম্পত ৰখা হৈছে ৷ সম্প্ৰতি কাৰাগাৰতো আবদ্ধ হৈ আছে প্ৰতাপগড় চাহ বাগিচাৰ বাসিন্দা মহিলা গৰাকীয়ে ৷ ইফালে, মহিলা গৰাকীৰ পিতৃ চাহ বাগিচাত কৰ্মৰত হোৱাত 1951 চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীতে নাম অন্তৰ্ভুক্ত হোৱা বুলি জানিব পৰা গৈছে ৷

বৈজয়ন্তী দেৱীৰ পৰিয়ালক 2016 চনতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজহুৱাকৈ শ্বহীদৰ সন্মান প্ৰদৰ্শন কৰিছিল

উল্লেখ্য যে, তথ্য অনুসৰি তেজপুৰ কাৰাগাৰৰ ডিটেনশ্যন কেম্পত মুঠ 136 গৰাকী লোক আছে তাৰ ভিতৰত অমিলা চাহ হৈছে এগৰাকী ৷ আনহাতে, 26 গৰাকী বিদেশী চিনাক্তকৰণ লোকৰ ভিতৰত ম্যানমাৰ ৰোহিঙীয়া 10 গৰাকী আৰু বাংলাদেশৰ 16 গৰাকীৰ এজন লোক বিদেশী ন্যায়াধীকৰণতবাংলাদেশলৈ উভতাই নিয়াৰ অনুমতি প্ৰদান কৰিছে । লগতে, এপ্ৰিল মাহত হঠাৎ বৃদ্ধি পোৱা কৰ'ণা সংক্ৰমণৰ বাবে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ জাৰি কৰাৰ পিচত 2 বছৰ সম্পূৰ্ণ হোৱা আৰু ন্যায়ালয়লৰ আবেদনৰ ভিত্তিত মুকলি কৰিছে বুলি জানিব পৰা গৈছে । যাৰবাবে এই সমগ্ৰ বিষয় সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা নৱ নিৰ্মিত সংযুক্ত আঞ্চলিক দলৰ সভাপতি অৰূপ বৰবৰাৰই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

লগতে পঢ়ক : ৰাজনীতিৰ পথাৰলৈ শিল্পীৰ আগমন সন্দৰ্ভত হিমাংশু প্ৰসাদ দাসৰ প্ৰতিক্ৰিয়া

Last Updated : Aug 28, 2020, 10:04 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details