তেজপুৰ,১৯ আগষ্ট : বেংগালুৰুত উদ্ধাৰ অসমৰ দুই কিশোৰ-কিশোৰী । শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ বৰজুলি চাহ বাগিছাৰ পৰা নিৰুদ্দেশ হৈছিল দুয়োগৰাকী কিশোৰ-কিশোৰী । বেংগালুৰু আৰক্ষীৰ সহযোগত শোণিতপুৰ আৰক্ষীৰ এটা দলে বুধবাৰে বেংগালুৰুৰ কেন্টনমেন্ট ৰে'লৱে ষ্টেচনৰ (Bangalore Cantonment railway station) পৰা উদ্ধাৰ কৰে দুয়োগৰাকীক ।
পৰৱৰ্তী সময়ত বিমানযোগে গুৱাহাটীত উপস্থিত হয় কিশোৰ-কিশোৰী আৰু আৰক্ষীৰ দলটো আৰু সম্প্ৰতি দুয়োগৰাকীকে তেজপুৰ জিলা আদালতত হাজিৰ কৰোৱা হয় । আৰক্ষী সূত্ৰত প্ৰকাশ পোৱা মতে যোৱা ১৭ আগষ্টত গুৱাহাটীৰ পৰা গুৱাহাটী-বেংগালুৰু এক্সপ্ৰেছ ০২৫১ নম্বৰ ৰেলযোগে বেংগালুৰুত উপস্থিত হৈছিল কিশোৰ-কিশোৰী দুগৰাকী । উল্লেখ্য যে প্ৰথমাৱস্থাত কিশোৰীগৰাকী সন্ধানহীন হোৱাৰ খবৰ পোহৰলৈ আহিছিল । সন্ধানহীন হৈ থকাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছিল ।
পিছত গম পোৱা মতে ওচৰৰে গাঁৱৰ এগৰাকী ইছলাম ধৰ্মৰ লোকৰ পুত্ৰই হিন্দু ধৰ্মৰ কিশোৰীগৰাকীক পলুৱাই লৈ গৈছে । দুয়োগৰাকী কিশোৰ-কিশোৰী বেলেগ বেলেগ ধৰ্মৰ হোৱাৰ বাবে তীব্ৰ উত্তেজনাই বিৰাজ কৰে সমগ্ৰ অঞ্চলত । কিশোৰজনৰ ঘৰলৈ কিশোৰীগৰাকীক বিচাৰি পৰিয়ালে যোৱাৰ সময়তে পৰিস্থিতি আৰু বেছি উত্তেজিত হৈ পৰে ।