অসম

assam

ETV Bharat / state

বৃহস্পতিবাৰৰ পৰা ৰাজ্যত 27 হাজাৰ গৃহৰক্ষী জোৱানৰ কৰ্ম বিৰতি - home guard protest

বৃহস্পতিবাৰৰ পৰা অসমৰ ২৭ হাজাৰ গৃহৰক্ষী বাহিনীৰ জোৱানে কৰ্ম বিৰতি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ শোণিতপুৰত প্ৰতিবাদ সাব্যস্ত কৰি এই কথা সদৰী কৰে গৃহৰক্ষী বাহিনীৰ জোৱানসকলে ৷

ৰাজ্য 27 হাজাৰ গৃহৰক্ষী জোৱোনে পালন কৰিব কৰ্ম বিৰতি
ৰাজ্য 27 হাজাৰ গৃহৰক্ষী জোৱোনে পালন কৰিব কৰ্ম বিৰতি

By

Published : Mar 18, 2021, 3:38 PM IST

তেজপুৰ,১৮ মাৰ্চ:নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ গৃহৰক্ষী বাহিনীৰ জোৱানসকলে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বৃহস্পতিবাৰৰ পৰা অসমৰ মুঠ ২৭ হাজাৰ গৃহৰক্ষী বাহিনীৰ জোৱানে কৰ্ম বিৰতি পালন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ শোণিপুৰত আজি প্ৰতিবাদ সাব্যস্ত কৰি এই কথা সদৰী কৰে গৃহৰক্ষী বাহিনীৰ জোৱান সকলে ৷

উল্লেখ্য যে, বিগত সময়চোৱাত গৃহৰক্ষী বাহিনীৰ জোৱান সকলে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে চৰকাৰৰ ওচৰত বহু বাৰ দাবী জনাই আহিছিল ৷ সেই দাবী অনুসৰি চৰকাৰেও চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছিল ৷ কিন্তু বিগত সময়ত এই ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰে গৃহৰক্ষী বাহিনীৰ জোৱান সকলে ৷

ইয়াৰ পৰিপ্ৰেক্ষিততে বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে গৃগৰক্ষী জোৱানসকলে ৷ উল্লেখ্য যে, সাংবাদিকক জানিবলৈ দিয়া অনুসৰি শোণিতপুৰ জিলাত মুঠ ১৭০০ গৃহৰক্ষী জোৱান আছে ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত জিলাখনৰ ১৭০০ জোৱান অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সমগ্ৰ অসমত মুঠ ২৭,০০০ হাজাৰ গৃহৰক্ষীৰ জোৱান আছে ৷ সকলোৱে আজিৰে পৰা কৰ্ম বিৰতিৰ ঘোষণা কৰি আৰক্ষীক সহযোগিতা আগবঢ়োৱাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লগতে পঢ়ক: তুংগত উঠিছে ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ

ABOUT THE AUTHOR

...view details