অসম

assam

ETV Bharat / state

শ্বহীদ কালিৰাম দাসৰ বাসগৃহত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা - HIMANTA

নগালেণ্ডৰ মন জিলাত বিগত 5 জুনত উগ্ৰপন্থী সংগঠন এন এছ চি এন (কে)ৰ হাতত নিহত বীৰ অসম ৰাইফলছৰ জোৱান কালিদাস শৰ্মাৰ বাসগৃহত শনিবাৰে উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কালিদাস শৰ্মাৰ পৰিয়ালৰ লগত অসমবাসী ৰাইজ আছে আৰু সদায় থাকিব। বীৰ সন্তানৰ মৃত্যু কেতিয়াও অথলে নাযায় বুলি কৰে মন্তব্য ৷

ETV BHARAT

By

Published : Jun 29, 2019, 7:56 PM IST

ৰঙাপৰা, 29 জুন: কালিদাস শৰ্মাৰ যি ত্যাগ সেয়া আমাৰ বাবে সদায় আদৰ্শ হৈ ৰ'ব। শ্বহীদ কালিদাস শৰ্মাৰ পৰিয়ালবৰ্গক জীয়াই থকাৰ সাহক দিয়ক ঈশ্বৰে। কালিদাস শৰ্মাৰ পৰিয়ালৰ লগত অসমবাসী ৰাইজ আছে আৰু সদায় থাকিব। বীৰ সন্তানৰ মৃত্যু কেতিয়াও অথলে নাযায়৷ চৰকাৰে দুৰ্ভগীয়া পৰিয়ালটোক সংস্থাপনকে ধৰি সকলো ব্যৱস্থা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব। শ্বহীদ গৰাকীৰ বাসগৃহত উপস্থিত হৈ এই দৰে মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

শ্বহীদ কালিৰাম দাসৰ বাসগৃহত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নগালেণ্ডৰ মন জিলাত বিগত 5 জুনত উগ্ৰপন্থী সংগঠন এন এছ চি এন (কে)ৰ হাতত নিহত বীৰ অসম ৰাইফলছৰ জোৱান কালিদাস শৰ্মাৰ বাসগৃহত শনিবাৰে উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত খনামুখৰ বেৰাজানত তেজপুৰ লোকসভাৰ সাংসদ পল্লৱ লোচন দাস, বৰছলা বিধানসভাৰ সমষ্টিৰ সাংসদ গণেশ লিম্বু, অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়ক লগত লৈ মন্ত্ৰী গৰাকীয়ে শ্বহীদ গৰাকীৰ বাসগৃহত উপস্থিত হৈ কালিদাস শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি আৰু পুষ্পাঞ্জলীৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। ইয়াৰ পাছতে মন্ত্ৰী গৰাকীয়ে শ্বহীদ কালিদাস শৰ্মাৰ পিতৃ-মাতৃ, পত্নীসহ দুই কন্যা সন্তানৰ লগত মিলিত হৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ শ্বহীদ গৰাকীৰ পত্নী পুষ্পা শৰ্মাই দেশত সন্ত্ৰাসবাদক কঠোৰ হাতেৰে দমন কৰিবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই। উগ্ৰপন্থীৰ গুলীত সেনা জোৱানৰ মৃত্যু হোৱাৰ পাছত পিতৃ-মাতৃৰ বুকু শুদা, পত্নীক বিধবা সাজ আৰু সন্তান সকলে মাউৰা হলে কি অনুভৱ হয় সেয়া আমি উপলব্ধি কৰিছো বুলি পুষ্পা শৰ্মাই প্ৰকাশ কৰে। সেয়েহে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ হ'বলৈ আহ্বান জনাই পত্নীগৰাকী আৱেগিক হৈ পৰা দেখা পোৱা গ'ল ।

ABOUT THE AUTHOR

...view details