তেজপুৰ, 9 মেঃ ঢেকিয়াজুলিৰ পিঠাখোৱাত পিতৃয়ে হত্যা কৰিলে পুত্ৰক ৷ পুত্ৰক হত্যাকৰি হাবিত পুতি থয় পাষাণ পিতৃয়ে। হত্যাকাৰী পিৃতৃৰ নাম ৰমনী নাথ ৷
পিতৃৰ হাতত প্ৰাণ গ'ল পুত্ৰৰ উল্লেখ্য যে, কিছুদিন পূৰ্বে পিতৃ ৰমনী নাথে অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ বাবে পুত্ৰ ধ্ৰুৱজ্যোতি নাথে পিতৃক প্ৰহাৰ কৰে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰিয়েই পিতৃ ৰমনীয়ে হত্যা কৰি হাবিত পুতি থয় পুত্ৰক ৷ সেই ঘটনা পোহৰলৈ অহাত স্থানীয় ৰাইজে ৰমনীৰ ঘৰত অগ্নি সংযোগ কৰাৰ লগতে আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ঢেকিয়াজুলি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে উক্ত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জনাইছে ৷ উক্ত ঘটনাক স্থানীয় ৰাইজে তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীক উপযুক্ত শাস্তি দিবলৈ দাবী জনাইছে আৰক্ষীক ৷