অসম

assam

ETV Bharat / state

Assam erosion news:মিছামাৰীৰ বেলশিৰি নৈৰ ব্যাপক গৰাখহনীয়া - মিছামাৰীৰ নগাপথাৰ গাঁও

মিছামাৰীৰ বেলশিৰি নৈৰ ব্যাপক গৰাখহনীয়া । খহনীয়া প্ৰতিৰোধৰ দাবী স্থানীয় ৰাইজৰ ।

assam erosion news
ব্যাপক গৰাখনীয়া

By

Published : Jul 4, 2023, 6:08 PM IST

ব্যাপক গৰাখনীয়া

ৰঙাপৰা, 4 জুলাই : শোণিতপুৰ জিলাৰ মিছামাৰীৰ বেলশিৰি নৈখনে ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰি আহিছে । নৈখনৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে শোণিতপুৰ জিলাৰ মিছামাৰীৰ নগাপথাৰ গাঁৱত । চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা বেলশিৰি নৈখনে মিছামাৰীৰ নগাপথাৰ গাঁৱত দীৰ্ঘদিনৰে পৰা সৃষ্টি কৰিছে ব্যাপক গৰাখহনীয়া । ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে ৰাইজৰ বহু হেক্টৰ কৃষিভূমি ।

বেলশিৰি নৈখনে খহনীয়াৰ সৃষ্টি কৰি ক্ৰমান্বয়ে গাঁওখনৰ দিশে আগুৱাই অহাত ধনখনা-ননকে বেলশিৰি গাঁৱৰ সংযোগী মূল পথচোৱালৈ চৰম ভাবুকি কঢ়িয়াই আনিছে । নৈখনত খহনীয়া অব্যাহত থকাৰ পিচতো খহনীয়াৰ প্ৰতিৰোধৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগটোৱে কাণসাৰ নিদিয়াত শংকিত হৈ পৰিছে কেইবাখনো গাঁৱৰ ৰাইজ । সময় থাঁকোতেই যদি নৈখনত খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহলে অতি সোনকালে গাঁওখনৰ মূল পথচোৱা নৈখনৰ বুকুত বিলীন হ’ব আৰু লগে লগে নৈখনৰ সুঁতি সলনি হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

ৰাজ্য চৰকাৰে বহু অঞ্চলত গৰাখহনীয়া ৰোধৰ বাবে আঁচনি গ্ৰহণ কৰিছে যদিও অসমৰ বহু ভিতৰুৱা অঞ্চল এতিয়াও খহনীয়াৰ কৱলত নাইকিয়া হৈ যোৱাৰ উপক্ৰম হৈছে ৷ ৰাইজৰ প্ৰশ্ন দৰাচলতে চৰকাৰে সাধাৰণ জনতাৰ বাবে কৰিছে কি ?

মিছামাৰীৰ নগাপথাৰ গাঁৱত বেলশিৰি নৈখনে প্ৰবল খহনীয়াৰ সৃষ্টি কৰি অহাৰ পিচতো অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে নিজৰ সমষ্টিখনত গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে ৰাইজে । বেলশিৰি নৈখনত খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত নগাপথাৰ, ননকে বেলশিৰি গাঁৱৰ ৰাইজৰ বাবে ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তহে পৰিলক্ষিত হ’ব ।

লগতে পঢ়ক :Erosion of Brahmaputra river: ধেমাজিৰ মাজৰবাৰীত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া

ABOUT THE AUTHOR

...view details