তেজপুৰ, ২১ জুন : ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত তেজপুৰত বিশেষ বৈঠক অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙৰ ৷ উত্তৰ অসমৰ মুঠ চাৰিখন জিলাক সামৰি এই বৈঠক ৷ বুধবাৰে তেজপুৰত আৰক্ষী সঞ্চালক প্ৰধানৰ উপস্থিতিত শোণিতপুৰ, দৰং, বিশ্বনাথ আৰু ওদালগুৰিৰ এই চাৰিখন জিলাৰ উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ৷
এই বৈঠকৰ পিচত বৃহপতিবাৰে গুৱাহাটীলৈ তলব কৰা হৈছে ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলক ৷ গুৱাহাটীত ৰাজ্যৰ আইন-শৃংখলা আৰু অপৰাধজনিত কাৰণ সম্পৰ্কত এক আলোচনা হ’ব ৷ লোকসভা নিৰ্বাচন আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভতো এই বৈঠকত আলোচনাৰ সম্ভাৱনা ৷ গুৱাহাটীতে অনুষ্ঠিত হ'ব ৰাজ্যৰ শেহতীয়া আইন-শৃংখলাজনিত পৰিস্থিতিৰ ওপৰত পৰ্যালোচনা বৈঠক ৷ য'ত অংশগ্ৰহণ কৰিব প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকসকলে ।
বুধবাৰে বিয়লি তেজপুৰত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ উপস্থিতিত দৰং, ওদালগুৰি, বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ আৰক্ষী বিষয়াৰে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত অপৰাধৰ বিষয়সমূহৰ পৰ্যালোচনা কৰা হয় ৷ তেজপুৰ বাটমাৰীস্থিত কনভেনচন চেন্টাৰত অনুষ্ঠিত হোৱা এই পৰ্যালোচনা বৈঠকত চাৰি জিলাৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু থানাসমূহৰ OC ৰ উপস্থিতিত অনুষ্ঠিত হয় পৰ্যালোচনা বৈঠক ৷