অসম

assam

By

Published : Apr 6, 2023, 11:26 AM IST

ETV Bharat / state

Asssam CWLW replaced: ৰাষ্ট্ৰপতি মূৰ্মুৰ কাজিৰঙা ভ্ৰমণৰ পূৰ্বে ৰাজ্যৰ মুখ্য বন সংৰক্ষকক বদলি

ৰাষ্ট্ৰপতি মূৰ্মুৰ কাজিৰঙা ভ্ৰমণৰ পূৰ্বে ৰাজ্যৰ মুখ্য বন সংৰক্ষকক বদলি (Droupadi Murmu Assam visit) ৷ মহেন্দ্ৰ কুমাৰ যাদৱৰ ঠাইত সন্দীপ কুমাৰক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ মুখ্য বন সংৰক্ষকৰ দায়িত্ব প্ৰদান কৰা হৈছে (Asssam CWLW replaced) ৷ মহেন্দ্ৰ কুমাৰ যাদৱে দায়িত্বত থকা সময়তে পূৰ্বৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাজিৰঙা ভ্ৰমণৰ সময়ত ব্যয় কৰা ধনক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল বিতৰ্কৰ ৷

Asssam CWLW replaced
ৰাষ্ট্ৰপতি মূৰ্মুৰ কাজিৰঙা ভ্ৰমণৰ পূৰ্বে ৰাজ্যৰ মুখ্য বন সংৰক্ষকক বদলি

তেজপুৰ, 6 এপ্ৰিল: তিনিদিনীয়া অসম ভ্ৰমণসূচীৰে আজি কাজিৰঙাত উপস্থিত হ’ব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু ৷ কিন্তু ৰাষ্ট্ৰপতিগৰাকী কাজিৰাঙাত উপস্থিত হোৱাৰ পূৰ্বেই বদলি কৰা হৈছে ৰাজ্যৰ মুখ্য বন সংৰক্ষকক ৷ মুখ্য বন সংৰক্ষক মহেন্দ্ৰ কুমাৰ যাদৱৰ ঠাইত তৎকালীনভাৱে দায়িত্ব গ্ৰহণ কৰে সন্দীপ কুমাৰে ৷ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সন্দীপ কুমাৰক দায়িত্ব দিয়া হৈছে নতুন মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন হিচাবে (Sandip Kumar appointed as Assam CWLW) ৷

এক জাননী যোগে কোৱা হৈছে যে, “জনসেৱাৰ স্বাৰ্থত সন্দীপ কুমাৰ, আই এফ এছ (আৰ আৰ: 1989), মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী আৰু জৈৱ-বৈচিত্ৰ) সহ প্ৰকল্প সঞ্চালক, অসম প্ৰজেক্ট অন ফৰেষ্ট আৰু জৈৱ বৈচিত্ৰ সংৰক্ষণ সমিতি, এতিয়াৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন (Chief wildlife warden)ৰ দায়িত্ব গ্ৰহণ কৰিব ৷’’

জাননীত লগতে কোৱা হৈছে, ‘‘চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন (CWLW)ৰ অতিৰিক্ত দায়িত্বত থকা মহেন্দ্ৰ কুমাৰ যাদৱ, আই এফ এছ (আৰ আৰ:1989), মুখ্য সংৰক্ষক আৰু বন বাহিনীৰ মুৰব্বীয়ে এই দায়িত্ব সন্দীপক অৰ্পণ কৰিব লাগিব ৷ ইয়াৰ উপৰিও আই এফ এছৰ সন্দীপ কুমাৰে বন আৰু জৈৱ বৈচিত্ৰ সংৰক্ষণ সমিতিৰ অসম প্ৰকল্পৰ প্ৰকল্প সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰি যাব (Assam CWLW MK Yadav removed) ৷’’

মন কৰিবলগীয়া যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ কাজিৰঙা ভ্ৰমণৰ পূৰ্বে পূৰ্বৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাজিৰঙা ভ্ৰমণক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল ৷ বিগত বৰ্ষৰ 26 আৰু 27 ফেব্ৰুৱাৰীত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানৰ ভ্ৰমণ কৰিছিল আৰু এই দুদিনীয়া ভ্ৰমণৰ বাবে উদ্যান কৰ্তৃপক্ষৰ 1.64 কোটি টকা ব্যয় হৈছিল বুলি নিৰ্ভৰযোগ্য সূত্ৰই তথ্য প্ৰকাশ কৰিছে (misuse of Tiger Conservation Fund) ৷’’

কিন্তু অতি তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাজিৰঙা ভ্ৰমণৰ বাবে ব্যয় কৰা ধনৰ এটা অংশ টাইগাৰ ফাউণ্ডেশ্যনৰ কৰ্পাছ ফাণ্ডৰ পৰা আহিছিল (Misuse of Tiger Conservation Fund) আৰু বাকীখিনি সাধাৰণ বন্যপ্ৰাণী পুঁজিৰ পৰা আহিছিল (Ramnath Kovind Kaziranga visit controversy) ৷ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ দুদিনীয়া ভ্ৰমণৰ এই আচৰিত বিৱৰণী আৰু চৰকাৰী ধন ব্যৱহাৰ কৰি পৰৱৰ্তী সময়ত ইয়াৰ খৰচ বহন কৰাৰ এই আচৰিত সবিশেষে এক বিতৰ্কৰ সৃষ্টি কৰিছে ৷ এই বিতৰ্ক অব্যাহত থকাৰ মাজতে তৎকালীনভাৱে সন্দীপ কুমাৰক মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন হিচাবে নিযুক্তি প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক:Droupadi Murmu Assam visit: আজি অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

ABOUT THE AUTHOR

...view details