তেজপুৰ, 29 ছেপ্টেম্বৰ:ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই ইচ্ছা কৰিলে কংগ্ৰেছ চাফা কৰি দিব বুলি কৰা মন্তব্যৰ কোনো প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়োজন আছে বুলি নাভাবো ৷ তেজপুৰত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দি এই মন্তব্য বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাৰ ৷
তেওঁ কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে এতিয়া তেওঁলোকৰ বিৰুদ্ধে কথা ক’লেই সেইসকলৰ বিৰুদ্ধে ইডি, চিবিআই আদি লগাই দিয়ে ৷ আনহাতে 2024ত দেশত বিৰোধীৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি দাবী কৰি তেওঁ আন এক প্ৰশ্নৰ উত্তৰত কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা ভাৰত জোড়ো যাত্ৰা আৰু বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচীৰ সাফল্যত বিজেপিয়ে ভয় খাইছে আৰু ইয়াৰ বাবেই তেওঁলোকে বিভিন্ন নাটক কৰিবলৈ আৰম্ভ কৰিছে ৷
বিৰোধী মিত্ৰজোঁট I.N.D.I.A. প্ৰধানমন্ত্ৰী প্ৰাৰ্থী কোন হ’ব সেয়া সকলোৱে মিলি সিদ্ধান্ত ল’ব বুলি কৈ বিধায়িকাগৰাকীয়ে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীজন হোৱাটো বিচৰা বুলি মন্তব্য কৰে ৷ কংগ্ৰেছ দলৰ বিধায়িকাগৰাকীয়ে নিৰ্বাচনৰ আগত তথা বিগত সময়চোৱাত বিজেপি দল-চৰকাৰে নাটকহে কৰি অহা বুলি অভিযোগ কৰে ৷
তেওঁ কয় যে বিজেপিয়ে সাধাৰণ ৰাইজক ইমান দিনে কেৱল আভুৱা ভাৰিহে আহিছে ৷ বিধায়িকা বৰাই কয় যে কেৱল কংগ্ৰেছৰ বিধায়কেই নহয়, দলটোও বৰ্তমান সম্পূৰ্ণ একত্ৰিত হৈ আছে ৷ বিজেপিক পৰাভূত কৰিবলৈকে 27 টা বিৰোধী শক্তি একগোট হোৱা বুলিও তেওঁ মন্তব্য কৰে ৷