তেজপুৰ, 26 মে’: "'পকী'তেই আবদ্ধ হৈ আছে জ্যোতি প্ৰসাদ আগৰৱালাৰ জীৱন গাঁথা ৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু নটসূর্য ফণী শৰ্মাই কেনেদৰে অসমীয়া সংস্কৃতিৰ বৰঘৰ নিৰ্মাণ কৰিছিল সেই বিষয়ে জানিবলৈ হ’লে অসমৰ প্ৰতিজন নৱ প্ৰজন্মই এই স্থানত এবাৰলৈ হ’লেও দৰ্শন কৰা প্ৰয়োজন ।" বৃহস্পতিবাৰে তেজপুৰৰ ঐতিহ্য মণ্ডিত পকী তথা অসম চৰকাৰৰ সংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে (Historic Jyoti Bharati Museum ancestral Poki) ।
লগতে তেওঁ কয় যে, জ্যোতি ভাৰতীত থকা ৰূপকোঁৱৰৰ স্মৃতি বিজড়িত বিভিন্ন সামগ্ৰীকে ধৰি মহা মানৱ মহাত্মা গান্ধীয়ে তেজপুৰ ভ্ৰমণৰ সময়ত ব্যৱহাৰৰ কৰা বিচনা আদি দৰ্শন কৰি এই সামগ্ৰীসমূহ অত্যাধুনিক বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, গুৱাহাটীৰ ৰাজ্যিক সংগ্ৰাহালয়ত আহোম স্বৰ্গদেৱে পৰিধান কৰা বস্ত্ৰ এতিয়ালৈকে সংৰক্ষিত হৈ আছে আৰু বৃটিছ সংগ্ৰাহালয়ত বৃন্দাবনী বস্ত্ৰ সংৰক্ষিত হৈ আছে ৷ তেনেস্থলত জ্যোতি ভাৰতীত থকা মূল্যবান সামগ্ৰী সমূহ অত্যাধিক বৈজ্ঞানিক পৰম্পৰাৰে সংৰক্ষণ কৰাটো ৰাজ্য চৰকাৰে বিচাৰে ৷ সেয়ে শোণিতপুৰৰ উপায়ুক্তই এই ক্ষেত্ৰত তেজপুৰৰ বিশিষ্ট ব্যক্তি সকলৰ লগত আলোচনা কৰি বিষয়টো আগবাঢ়িব লাগে ।