তেজপুৰ, 2 মাৰ্চ:বৃহস্পতিবাৰে উত্তৰ পূবৰ তিনি ৰাজ্য ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ল ৷ তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পাচতে উৎফুল্লিত হৈ পৰিছে বিজেপি ৷ ফলাফলক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (Assam BJP president Bhabesh Kalita) ৷
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৱেশ কলিতাই কয়, ‘‘আজি ঘোষণা হোৱা ফলাফল অনুসৰি বিজেপিয়ে চৰকাৰ গঠন কৰিব তিনি ৰাজ্যতে ৷ ইয়াৰ বাবে মূল কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ প্ৰধানমন্ত্ৰীৰ বলিষ্ঠ ভূমিকা আৰু নেডাৰ আহ্বায়ক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কষ্টৰ ফলতে আশানুৰূ ফল লাভ কৰিছে বিজেপিয়ে (2023 assembly election results) ৷’’
উল্লেখ্য যে, তেজপুৰত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ দুদিনীয়া কাৰ্যনিৰ্বাহক বৈঠকত বিজেপিৰ দলীয় কৰ্মীসকলৰ মাজত বিভিন্ন ধৰণৰ আলোচনাত আগন্তুক লোকসভা নিৰ্বাচনৰ ওপৰত আলোকপাত কৰা হয় । এই সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক বৈঠকতে অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই তিনি ৰাজ্যৰ ফলাফলত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে লোকসভা নিৰ্বাচনতো বিজেপিয়ে অধিক ভাল ফল দেখুৱাবলৈ সক্ষম হ’ব বুলি দাবী কৰে (Bhabesh Kalita on Lok Sabha election) ৷
ইতিমধ্যেই লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালী বান্ধিছে সকলো ৰাজনৈতিক দলে ৷ বিজেপি দলেও ৰাজ্যৰ 12টা লোকসভা সমষ্টি দখলৰ পৰিকল্পনাৰে আৰম্ভ কৰিছে কুচকাৱাজ ৷ প্ৰতিগৰাকী বিজেপি নেতাই লোকসভা নিৰ্বাচনত বিজেপিয়ে 12 খন আসন লাভ কৰিব বুলিয়েই দাবী কৰি আহিছে ৷