তেজপুৰ, 1 আগষ্টঃ তেজপুৰৰ ঐতিহ্য মণ্ডিত বাণ থিয়েটাৰত বুধবাৰৰ পৰা উদুলি মুদুলি পৰিৱেশ । নটসূৰ্য ফণী শৰ্মা নাট সমাৰোহৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে সপ্তাহজোৰা কাৰ্য্যসূচী ৷
নটসূৰ্য ফণী শৰ্মা নাট সমাৰোহৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন - সোণালী জয়ন্তী বৰ্ষ
নটসূৰ্য ফণী শৰ্মাৰ নাট সমাৰোহৰ সোনালী জয়ন্তী বৰ্ষ উপলক্ষে আয়োজন কৰিছে সপ্তাহ জোৰা কাৰ্য্যসূচী ৷ ৩১ জুলাইৰ সন্ধিয়া শুভাৰম্ভ হয় এই অনুষ্ঠানৰ । তাৰোপৰি বানথিয়েতাৰৰ বৰ্ষ শ্ৰেষ্ট অভিনেতা -অভিনেত্ৰী আৰু শিশু শিল্পীক বঁটা প্ৰদান কৰে ।
নটসূৰ্য ফণী শৰ্মাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন
৩১ জুলাইৰ সন্ধিয়া শুভাৰম্ভ হয় এই অনুষ্ঠান । বাণ থিয়েটাৰে অন্যান্য অনুষ্ঠানৰ লগতে এইবছৰৰ পৰা প্ৰতি ২ বছৰৰ মূৰে মূৰে প্ৰদান কৰিব "বাণ থিয়েটাৰ বঁটা" ।
এই অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত নৰসিং পৱাৰ, বিশিষ্ট শিক্ষাবিদ ভবেন বৰুৱা, লোক নায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মাধৱ চন্দ্ৰ দাস, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা উপস্থিত থাকে ।