তেজপুৰ, ১৯ জুলাই: চৰণেহে জানে মৰণৰ ঠাই ৷ বহিঃৰাজ্যৰ পৰা হেঁপাহৰ ঘৰখনত ঈদ উদযাপন কৰিবলৈ আহিছিল অসমৰ 19 গৰাকী শ্ৰমিক ৷ যাত্ৰা পথৰ পৰাই সন্ধানহীন শ্ৰমিককেইজন ৷ এজনৰ মৃতদেহ উদ্ধাৰ ৷
অৰুণাচলৰ কুৰুং কুৰ্মে জিলাৰ ভাৰত চীন সীমান্তৰ দামিনত সংঘটিত হৈছে এই অঘটন ৷ বৰ্ডাৰ ৰোডছ অৰ্গনাইজেছনৰ অধীনত সীমান্তত কৰ্মৰত অসমৰ 19 গৰাকী শ্ৰমিকে যোৱা 10 জুলাইত ঈদ উপলক্ষে ঘৰলৈ উভতি অহাৰ পথত নিৰুদ্দেশ হয় (Assam 19 workers missing in Arunachal pradesh) ৷ ইতিমধ্যে নিখোজ হৈ থকা এজন শ্ৰমিকৰ মৃতদেহ কুৰুং কুৰ্মে নদীত উদ্ধাৰ কৰিছে স্থানীয় লোকে ৷
নিখোজ হৈ থকা শ্ৰমিককেইজন বঙাইগাঁৱৰ আব্দুল আমিন, ৱাজেদ আলী, অভয়াপুৰীৰ নুৰুল ইছলাম, কোকৰাঝাৰৰ শ্বামিজুল শ্বেখ, কোল পুদিন, ধুবুৰীৰ আইনুল হক, ফৰিজুল হক, মনোৱাৰ হুছেইন, মাজিদুল আলি,বাক্সাৰ জয়নাল আলী, ৰুস্তম আলী, হিকমত আলী,বৰপেটাৰ মইজুল হক, খাইৰুল ইছলাম, শ্বহিদুল ইছলাম,অমিদুল হক, ইব্ৰাহীম আলী, কামৰূপৰ সোণাৰ উদ্দিন বুলি জানিব পৰা গৈছে ৷ মৃত শ্ৰমিকজনৰ নাম এতিয়ালৈ জানিব পৰা হোৱা নাই (1 dead in Arunachal Pradesh) ৷