অসম

assam

By

Published : Nov 14, 2021, 7:20 PM IST

ETV Bharat / state

Raimona National Park ত নতুন আলহি হ’ল Asiatic Black Bear

এজনী প্ৰাপ্তবয়স্ক মাইকী এছিয়ান ক’লা ভালুক(Asiatic Black Bear) মুকলি কৰা হৈছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান(Raimona National Park)ত ৷ শুকুৰবাৰে উদ্যানখনৰ চানফান বন পৰিসৰৰ অন্তৰ্গত ৰামপুৰ, নবীন নগৰ অঞ্চলৰ গাঁওবাসীয়ে অঞ্চলটোত প্ৰত্যক্ষ কৰিছিল এছিয়ান ক’লা ভালুকৰ উপস্থিতি ৷ ইয়াৰ পাচতে অসম বন বিভাগ(Assam Forest Department)ৰ সহযোগত কাচুগাঁও বন সংমণ্ডলৰ অন্তৰ্গত কেন্দ্ৰীয় বন পৰিসৰৰ সৈতে চানফানৰ যুটীয়া বন বাহিনীয়ে উদ্ধাৰ কৰি ৰাষ্ট্ৰীয় উদ্যানখনত মুকলি কৰে মাইকী ভালুকজনী ৷

asiatic black bear rescued and sent back to raimona national park
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত মুকলি Asiatic Black Bear

তেজপুৰ, 14 নৱেম্বৰ : ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান(Raimona National Park)ত মুকলি কৰা হৈছে এছিয়ান ক’লা ভালুক(Asiatic Black Bear) ৷ এজনী প্ৰাপ্তবয়স্ক মাইকী এছিয়ান ক’লা ভালুকক মানুহৰ বাসস্থানৰ পৰা সুৰক্ষিতভাৱে উদ্ধাৰ কৰি স্থানীয় গাঁওবাসীৰ সৈতে অসম বন বিভাগ(Assam Forest Department)ৰ কচুগাঁও বন বিভাগ, আই এফ এ ডব্লিউ-ডব্লিউ টি আই আৰু অন্যান্য বেচৰকাৰী সংগঠনৰ যুটীয়া দলে বিটিআৰ(BTR)ৰ শেহতীয়াকৈ স্বীকৃত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়ে ।

উল্লেখ্য যে, 12 নৱেম্বৰ অৰ্থাৎ শুকুৰবাৰে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ চানফান বন পৰিসৰৰ অন্তৰ্গত ৰামপুৰ, নবীন নগৰ অঞ্চলৰ গাঁওবাসীয়ে অঞ্চলটোত এছিয়ান ক’লা ভালুক এটাৰ উপস্থিতি প্ৰত্যক্ষ কৰিছিল । ভালুকটোক গাঁওখনৰ লগত সংলগ্ন স্ক্ৰাবলেণ্ড বাসস্থানৰ চাৰিওফালে ঘূৰি ফুৰা দেখা গৈছিল ।

ইয়াৰ পাচতে কাচুগাঁও বন সংমণ্ডলৰ অন্তৰ্গত কেন্দ্ৰীয় বন পৰিসৰৰ সৈতে চানফানৰ যুটীয়া বন বাহিনী তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয় আৰু অঞ্চলটো ঘেৰাও কৰে । তেওঁলোকে মাইকী ভালুকজনীৰ ওপৰত নজৰ ৰাখিছিল আৰু কোকৰাঝাৰত অৱস্থিত আই এফ এ ডব্লিউ-ডব্লিউ টি আই আৰু এ এফ ডি পৰিচালিত বন্যপ্ৰাণী পুনঃসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ (CWRC) এম ভি এছ পশ্চিম অসম গোটক অৱগত কৰিছিল ।

বন্যপ্ৰাণী পশু চিকিৎসক ডাঃ দাওহাৰু বড়োৰ নেতৃত্বত চি ডব্লিউ আৰ চিৰ এম ভি এছ পশ্চিম অসম গোটটো নজৰুল ইছলাম, ক্ষেত্ৰ জীৱবিজ্ঞানী আৰু পশু ৰক্ষক কেশৱ পাঠক আৰু দেৱজিৎ ডেকাৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈছিল আৰু ভালুকজনী সুৰক্ষিতভাৱে বন্দী কৰাৰ বাবে প্ৰাৰম্ভিক স্থান জৰীপ কৰিছিল ।

কিন্তু সঘনাই নিজৰ স্থান সলনি কৰি আছিল মাইকী ভালুকজনীয়ে ৷ সেয়েহে অতি সাৱধানতা অৱলম্বন কৰি ভালুকটো কলুষিত কৰাতো বন বিভাগৰ বাবে হৈ পৰিছিল অতিকৈ কঠিন কাম । অৱশেষত চেষ্টাৰ অন্তত ভালুকজনী উদ্ধাৰ কৰি সুৰক্ষিতভাৱে ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়ে বন বিভাগে ৷

লগতে পঢ়ক :চামগুৰিৰ মাজৰআটিত বন্যহস্তীৰ মুক্ত বিচৰণ

ABOUT THE AUTHOR

...view details