নিউজ ডেস্ক, 6 আগষ্ট : ঠেলামৰা কাণ্ড সন্দৰ্ভত বিৰূপ মন্তব্য বিধায়ক অশোক কুমাৰ সিংঘালৰ ৷ বুধবাৰে শোণিতপুৰ জিলাৰ ঠেলামৰাৰ ভৰা শিঙৰীত দুই ফৈদৰ মাজত সূত্ৰপাত হৈছিল সংঘাতৰ ৷ তথ্য অনুসৰি, ৰাম মন্দিৰৰ ভূমি পূজনৰ উছাহত সমদল উলিয়াইছিল একাংশ লোকে ৷ সেই সমদলৰ মাজতে আন এটা ফৈদৰ সৈতে সংঘটিত হয় সংঘৰ্ষৰ ৷ পৰিস্থিতি ইমানেই বেয়ালৈ ঢাল খাই যে, সংঘৰ্ষত আহত হয় 12 জনকৈ লোক ৷ উন্মাদপ্ৰায় হৈ পৰা একাংশ দুষ্কৃতিকাৰীৰ আক্ৰমণৰ পৰা ৰক্ষা নপৰিল জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ কনভয়ৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাটাৰ কনভয়ো ৷
বৃহস্পতিবাৰে এই ঘটনা সন্দৰ্ভত কেতবোৰ উচতনিমূলক আৰু সাম্প্ৰদায়িক মন্তব্য কৰে ঢেকীয়াজুলি সমষ্টিৰ বিজেপিৰ বিধায়কগৰাকীয়ে ৷ যিসময়ত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক এই ঘটনাৰ তদন্তৰ দায়িত্ব দিছে, তেনে সময়তে সেনা-আৰক্ষীৰ ওপৰত ভৰষা নকৰি নিজেই নিজৰ ব্যৱস্থা ল'বলৈ ৰাইজক উচতোৱা পৰিলক্ষিত হৈছে বিধায়ক সিংঘালৰ মন্তব্যত ৷ তাৰোপৰি বুধবাৰৰ ঘটনাৰ পাচত সমগ্ৰ অঞ্চলটোত সেনাই ফ্লেগ মাৰ্চ কৰিছে যদিও বিধায়ক সিংঘালৰ সাম্প্ৰদায়িক মন্তব্যই ৰাইজক অধিক উত্তেজিত কৰি তোলা সম্ভাৱনাই দেখা দিছে ৷