তেজপুৰ, ১৪ অক্টোবৰ : শোণিতপুৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ যৌথ বৈঠক । যৌথ বৈঠকৰ পিছত নিৰ্দেশ পত্ৰ ASDMA 28/2021/247 মৰ্মে এক সিদ্ধান্তত উপনীত হৈ বিজয়া দশমীৰ বিসৰ্জনক লৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰী ।
বিজয়া দশমীৰ পুৱা ৮ বজাৰ পৰা বিয়লি ২ লৈ ১০৭ খন পূজা সমিতিক প্ৰতিমা বিসৰ্জন দিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে । সূৰ্যাস্তৰ লগে প্ৰশাসনে প্ৰদান কৰা নিৰ্দেশনা মানি চলিবলৈ পূজা উদযাপন সমিতি সমূহক আহ্বান জনাইছে শোণিতপুৰ জিলা প্ৰশাসনে ।