অসম

assam

ETV Bharat / state

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী নিহত - ৰঙাপৰা

বৃহস্পতিবাৰে নিশা নামেৰী ৰাষ্ট্ৰীয় উদ্যানত নিহত হয় এজন চোৰাং চিকাৰী ৷ চোৰাং চিকাৰী আৰু বন কৰ্মীৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত নিহত হয় চোৰাং চিকাৰীজন।

One Poacher Killed By Forest Police At Nameri National Park
নামেৰী ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী নিহত

By

Published : Feb 5, 2021, 1:04 PM IST

Updated : Feb 5, 2021, 1:15 PM IST

ৰঙাপৰা, 5 ফেব্ৰুৱাৰী: শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত এজন চোৰাং চিকাৰী নিহত হয়। বৃহস্পতিবাৰে নিশা চোৰাং চিকাৰী আৰু বন কৰ্মীৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত চোৰাং চিকাৰীজনৰ নিহত হয়। চোৰাং চিকাৰীজনৰ নাম দেৱে পগাগ । ঘৰ বৰদিকৰাইত বুলি জানিবলৈ পোৱা গৈছে। নামেৰী ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ প্ৰকল্পৰ ভিতৰত অবৈধ ভাৱে প্ৰৱেশ কৰি জন্তু চিকাৰৰ উদ্দেশ্যেৰে তিনিজন চোৰাং চিকাৰী বাহৰ পাতি আছিল। নামেৰীৰ বন কৰ্মীৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাইছিল।

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী নিহত

বনকৰ্মীৰ দলটোৱে চোৰাং চিকাৰী তিনিজনক ৰ'বলৈ নিৰ্দেশ দিয়াৰ পাছত চোৰাং চিকাৰী এজনে গুলিচালনা কৰে ৷ তাৰ প্ৰত্যুত্তৰত বন কৰ্মীৰ গুলিত দেৱে পগাগ নামৰ চিকাৰীজন থিতাতে নিহত হয় যদিও আন দুজন চোৰাং চিকাৰী পলাই যাবলৈ সক্ষম হয়। চিকাৰীজনৰ পৰা এটা হস্ত নিৰ্মিত বন্দুক,জীয়া ভৰলী নদীত মৰা মাছসহ আপত্তি জনক সা-সামগ্ৰী উদ্ধাৰ কৰে। উল্লেখ্য যে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বাঘৰ অৱস্থিতিৰ বাবে সংস্থাপন কৰা গোপন কেমেৰা চুৰি কৰি চোৰাং চিকাৰীৰ দলটোৱে জন্তু চিকাৰৰ বাবে বাহৰ পাতি আছিল।

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী নিহত

লগতে পঢ়ক-কলগাছিয়া আৰক্ষীৰ জালত তিনি জুৱাৰী

Last Updated : Feb 5, 2021, 1:15 PM IST

ABOUT THE AUTHOR

...view details