তেজপুৰ,৬ নৱেম্বৰ: পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াসকলক সমালোচনা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ। তেজপুৰত 'ড০ বেজবৰুৱা' ছবিৰ দৃশ্যগ্ৰহণ কৰিবলৈ গৈ এই মন্তব্য কৰে কণ্ঠশিল্পীগৰাকীয়ে। শুক্ৰবাৰে শিলচৰত বদৰুদ্দিন আজমল উপস্থিত থকা অৱস্থাতে পাকিস্তান জিন্দাবাদ দিয়া প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, 'পাকিস্তান জিন্দাবাদ দি লাভ নাই, হিন্দুস্তান সদায় হিন্দুস্তানেই। মই প্ৰধানমন্ত্ৰী হোৱা হ'লে পাকিস্তান ইমানদিনে দখল কৰিলোহেতেন।' লগতে তেওঁ কয় যে, 'পাকিস্তান জিন্দাবাদ ধ্বনি অসমত দি লাভ নাই। কাৰণ, পাকিস্তান পাকিস্তানেই আৰু হিন্দুস্তান সদায় হিন্দুস্তানেই। এই বিলাক ইয়াত কৰি লাভ নাই। গতিকে সাৱধান হোৱা ভাল আৰু আমিতো সদায় ইয়াতেই থাকিম।'
মই প্ৰধানমন্ত্ৰী হোৱা হ'লে পাকিস্তান ইমানদিনে দখল কৰিলোহেতেন: জুবিন গাৰ্গ - পাকিস্তান জিন্দাবাদ
'পাকিস্তান জিন্দাবাদ দি লাভ নাই, হিন্দুস্তান সদায় হিন্দুস্তানেই।' তেজপুৰত 'ড০ বেজবৰুৱা' ছবিৰ দৃশ্যগ্ৰহণস্থলীত এই মন্তব্য কৰে হাৰ্ট থ্ৰব জুবিন গাৰ্গে।

মই প্ৰধানমন্ত্ৰী হোৱা হ'লে পাকিস্তান ইমানদিনে দখল কৰিলোহেতেন: জুবিন গাৰ্গ
মই প্ৰধানমন্ত্ৰী হোৱা হ'লে পাকিস্তান ইমানদিনে দখল কৰিলোহেতেন: জুবিন গাৰ্গ
উল্লেখ্য যে, শিলচৰত বদৰুদ্দিন আজমল উপস্থিত থকা অৱস্থাতে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া বাতৰিয়ে সৰ্বত্ৰে চৰ্চা লাভ কৰিছিল। এই কাৰ্যক শিল্পীগৰাকীয়ে বহুৱালী আখ্যা দিয়ে আৰু আৰক্ষীয়ে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা প্ৰয়োজন বুলি মন্তব্য কৰে। তেজপুৰত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত 'ড০ বেজবৰুৱা' ছবিৰ দৃশ্যগ্ৰহণ চলি আছে। দৃশ্যগ্ৰহণস্থলীত জুবিন গাৰ্গৰ লগতে প্ৰবীন অভিনেতা নিপণ গোস্বামী আৰু কলা-কুশলীসকল উপস্থিত থাকে।
লগতে পঢ়ক: ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে ত্ৰিপুৰাত প্ৰতিবাদ