অসম

assam

ETV Bharat / state

তেজপুৰত জিলা কংগ্ৰেছ কমিটীৰ সত্যাগ্ৰহ কাৰ্যসূচী - প্ৰাক্তন প্ৰধানমন্ত্ৰী

কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা ৩ খনকৈ কৃষি আইনক জনবিৰোধী আৰু কৃষকৰ পৰিপন্থী আইন বুলি আখ্যা দি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কৃষক অধিকাৰ দিৱস পালনৰ লগতে ৰাজ্যজুৰি ৰূপায়ণ কৰে ২ ঘণ্টীয়া সত্যাগ্ৰহ কাৰ্যসূচী। তেজপুৰতো জিলা কংগ্ৰেছৰ উদ্যোগত ৰূপায়িত হ'ল সত্যাগ্ৰহ কাৰ্যসূচী।

তেজপুৰত জিলা কংগ্ৰেছ কমিটীৰ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ
তেজপুৰত জিলা কংগ্ৰেছ কমিটীৰ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ

By

Published : Oct 31, 2020, 4:58 PM IST

তেজপুৰ, ৩১ অক্টোবৰ: প্ৰাক্তন প্ৰধানমন্ত্ৰী ইণ্ডিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকী আৰু দেশৰ প্ৰাক্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যজুৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কৃষক অধিকাৰ দিৱস পালন।

তেজপুৰত জিলা কংগ্ৰেছ কমিটীৰ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ

শেহতীয়াকৈ কেন্দ্ৰই প্ৰৱৰ্তন কৰা কৃষি আইনক কৃষকৰ বিৰোধী আখ্যা দি শোণিতপুৰ জিলা কংগ্ৰেছে কৃষক অধিকাৰ দিৱস পালনৰ লগতে সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে। তেজপুৰৰ ৰাজীৱ ভৱনত ২ ঘণ্টীয়া সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছে। বি জে পি নেতৃত্বাধীন চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। ৩ খন কৈ কৃষক বিৰোধী আইন গৃহীত কৰি ভাৰতবৰ্ষৰ কৃষকক হাৰাশাস্তি দিছে বুলি মন্তব্য কৰে ভট্টাচাৰ্যই।

কংগ্ৰেছৰ কৰ্মীসকলে প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যু দিনত কৃষকৰ প্ৰতি সন্মান জনাই কৰা এই প্ৰতিবাদী কাৰ্যসূচীত কয় যে বৰ্তমান কৃষকে প্ৰকৃত বজাৰ মূল্য পোৱা নাই যাৰ পৰিণতিত মধ্যভোগীয়ে বজাৰত অনিয়ন্ত্ৰিতভাৱে মূল্য বৃদ্ধি কৰে। আনহাতে,এই সত্যাগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেজপুৰৰ প্ৰাক্তন বিজেপিৰ সাংসদ তথা সদ্য কংগ্ৰেছ কৰ্মী ৰাম প্ৰসাদ শৰ্মাই কয় যে,বিজেপিয়ে বিশেষকৈ গুজৰাটৰ লোকে বৰ্তমান ভাৰতত সকলো বেছি শেষ কৰিলে বুলি প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি আক্ৰমণাত্মক মন্তব্য কৰে।

লগতে পঢ়ক:কোনো আঁচনিয়ে ঢুকি নোপোৱা বিশেষভাৱে সক্ষম এটি পৰিয়াল

ABOUT THE AUTHOR

...view details