তেজপুৰ, ২৪ নৱেম্বৰ: আজি সমগ্ৰ ৰাজ্যতে পালন কৰা হৈছে লাচিত দিৱস। বীৰ লাচিত বৰফুকনৰ কৰ্তব্যনিষ্ঠা আৰু বীৰত্বৰ কথা স্মৰণ কৰিছে অসমবাসীয়ে। তেজপুৰৰ নেহৰু মৈদানত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বীৰগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নেহৰু মৈদানত থকা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰে সংগঠনটোৰ নেতৃত্বই। অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই কয় যে, অসমত বীৰ লাচিত বৰফুকনৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ প্ৰয়োজন।
তেজপুৰত লাচিত দিৱসত শ্ৰদ্ধাঞ্জলি এজে ৱাই চিপিৰ - উপস্থিত থাকি কেন্দ্ৰীয় সমিতিৰ
অদম্য সাহস আৰু সততাৰে দেশপ্ৰেমৰ উৎকৃষ্ট নিৰ্দশন হিচাপে প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত অমৰ হৈ থকা বীৰ লাচিত বৰফুকনক আজি শ্ৰদ্ধাৰে সুঁৱৰিছে ৰাজ্যবাসীয়ে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত লাচিত দিৱস পালন। লাচিতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ দেশমাতৃৰ স্বাৰ্থত সেৱা আগবঢ়াবলৈ আহ্বান যুৱ ছাত্ৰ পৰিষদৰ।
লগতে বৰ্তমান ৰাজনৈতিক নেতাসকলে যিদৰে ধৰ্মীয় মেৰুকৰণৰ নামত ৰাজনীতি আৰম্ভ কৰিছে সেয়া বন্ধ কৰিবলৈ আহ্বান জনায়। আনহাতে, শোণিতপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰাও আজি বীৰ লাচিতৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায়। জিলা উপযুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে কয় যে, অসম তথা ভাৰতৰ ইতিহাসত এইগৰাকী বীৰ যোদ্ধাৰ নাম সদায় থাকিব। ভাৰতীয় সেনাত ইতিমধ্যে এই বীৰজনৰ নাম অন্তৰ্ভুক্ত হৈছে আৰু বৰ্তমানৰ চৰকাৰে এই বিষয়ত গুৰুত্ব প্ৰদান কৰিছে।
লগতে পঢ়ক:তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ মন্ত্ৰী ৰঞ্জিত দত্ত,বিবেক দাসৰ