ৰঙাপৰা, 24 জানুৱাৰী:শোনিতপুৰ জিলাৰ ৰঙাপৰাত আজি CPIM ৰ এখন বিশাল নিৰ্বাচনী সভা এখন অনুষ্ঠিত হয় ৷ CPIM ৰ সভাখনত ৰাজ্যিক সমিতিৰ সদস্য ৰবীন তামুলীৰ সভাপতিত্বত অনুষ্ঠিত হয় ৷ মুকলি সভাত ভাষণ প্ৰসংগত চি পি আই (এম)ৰ জ্যেষ্ঠ ৰাজ্যিক নেতা তথা প্ৰাক্তন বিধায়ক হেমেন দাসে কয় যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদানী-আম্বানীৰ স্বাৰ্থত তিনিখনকৈ কৃষি আইন বলপূৰ্বক ভাৱে গ্ৰহণ কৰিছে। এই বিজেপি চৰকাৰ খনৰ বাবেই আজি কৃষক সকলে প্ৰচণ্ড শীতকো নেওচি দিল্লীত আন্দোলন কৰিবলৈ বাধ্য হৈছে। ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই কৃষক সকলে এই কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত সংগ্ৰাম চলাই যোৱাৰ সংকল্প ল'বলগীয়া হৈছে।
ইফালে অসমৰ ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচাৰ্য্যই কয় যে, আগন্তুক বিধানসভা নিৰ্বাচনত অসমবাসী ৰাইজে বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰখনক পৰাস্ত কৰিব লাগিব । বিগত দিনত বিজিপিয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছে । বিধান সভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ ইতিমধ্যে কংগ্ৰেছ, এ আই ডি এফ, চি পি আই (এম), চি পি আই এল এম, অসম গণ মৰ্চা আৰু আঞ্চলিক গণ মৰ্চা একত্ৰিত হৈছে। আসন বুজা বুজিৰে বিধান সভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ।