অসম

assam

ETV Bharat / state

বাৰেচহৰীয়া ভাওনা কমিটিৰ বিৰুদ্ধে মন্তব্য কৰা অৰূপ শইকীয়াৰ ভুল স্বীকাৰ

শেহতীয়াকৈ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা কমিটিৰ বিৰুদ্ধে অঞ্চলটোৰে এজন যুৱকে বিস্ফোৰক মন্তব্য কৰিছিল । তাৰ পাছতে সমগ্ৰ অসমতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । যুৱকজনৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছিল বাৰেচহৰীয়া ভাওনা কমিটিয়ে । অৱশেষত নিজৰ ভুল স্বীকাৰ কৰি কমিটিৰ ওচৰত ক্ষমা বিচাৰিলে যুৱকজনে ।

Baresaharia Bhawana Committee
বাৰেচহৰীয়া ভাওনা কমিটিৰ বিৰুদ্ধে মন্তব্য কৰা অৰূপ শইকীয়াৰ ভুল স্বীকাৰ

By

Published : Nov 12, 2021, 5:46 PM IST

চতিয়া,১২ নৱেম্বৰ :জামুগুৰিহাটৰ প্ৰায় পাঁচশ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ বাৰেচহৰীয়া ভাওনা কমিটিক অঞ্চলটোৰ সঙ্গীয়া মাজৰচুক গাঁৱৰ যুৱক অৰূপ শইকীয়াই মৌলবাদী শক্তিৰে পৰিপুষ্ট বুলি বিতৰ্কিত মন্তব্য কৰিছিল । তাৰ পাছতে ৰাইজৰ ৰোষত পৰিছিল অৰূপ শইকীয়া । যুৱকজনৰ বিৰুদ্ধে বিভিন্ন মহলত বিৰূপ প্ৰতিক্ৰিয়া হোৱাৰ উপৰিও বিভিন্ন সংগঠনে প্ৰতিবাদো সাব্যস্ত কৰিছিল ।

অৱশেষত তেওঁ কৰা ভুলৰ অনুশোচনা কৰি ৰাজহুৱা ভাৱে ক্ষমা বিচাৰিলে অৰূপ শইকীয়াই । বৃহস্পতিবাৰে বিয়লি জামুগুৰিহাটৰ বাপুজী ভৱনত বিভিন্ন দল-সংগঠনৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত অৰূপ শইকীয়াই জামুগুৰিহাটৰ ৰাইজৰ আবেগ-অনুভূতিত আঘাত হনা কাৰ্যৰ পৰা বিৰত থকাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ জামুগুৰিহাটৰ কুৰিৰো অধিক অনুষ্ঠান, প্ৰতিষ্ঠান, দল-সংগঠনৰ উপস্থিতিত অনুষ্ঠিত ৰাজহুৱা সভাখনত সভাপতিত্ব কৰে প্ৰবীণ সমাজকৰ্মী বংশী বৰাই ৷

বাৰেচহৰীয়া ভাওনা কমিটিৰ বিৰুদ্ধে মন্তব্য কৰা অৰূপ শইকীয়াৰ ভুল স্বীকাৰ

সভাত বিভিন্নজনে বক্তব্য আগবঢ়োৱাৰ অন্তত অৰূপ শইকীয়াই শৰাই, তামোল,পাণ লৈ ৰাইজৰ ওচৰত আঁঠু লৈ ৰাজহুৱাভাৱে ক্ষমা বিচাৰে ৷ ৰাইজে অৰূপ শইকীয়াক ক্ষমা কৰি দিয়াৰ লগতে ইংৰাজী ভাষাত ভাওনা কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে আৰু সামাজিক মাধ্যমত কৰা বিতৰ্কিত মন্তব্য উঠায় ল'বলৈ নিৰ্দেশ দিয়ে ৷

সভাই অৰূপ শইকীয়াৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী থানাত দিয়া গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱাৰ লগতে অৰ্থ দণ্ডৰে দণ্ডিত কৰে ৷ ইয়াৰোপৰি তেওঁৰ সমৰ্থনত সামাজিক মাধ্যমত যি সকলে বাৰেচহৰীয়া ভাওনা কমিটিক তুচ্ছ-তাচ্ছিল্য কৰিছে সেই সকলক অতি শীঘ্ৰে সামাজিক মাধ্যমৰ জৰিয়তে ক্ষমা খোজাৰ ব্যৱস্থা কৰিবলৈ অৰূপ শইকীয়াক দায়িত্ব দিয়ে ৷

লগতে পঢ়ক :উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ শিক্ষার্থীৰ বাবে মাচুল ৰেহাই

ABOUT THE AUTHOR

...view details