চতিয়া, ৮ নৱেম্বৰ : দেশৰ ভিতৰতে একক বৃহৎ সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা কমিটিক মৌলবাদী শক্তিৰ লগত তুলনা কৰা মন্তব্যক লৈ দেওবাৰে বিয়লি জামুগুৰিহাটত বিভিন্ন দল সংগঠনৰ উপস্থিতিত এখনি বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ ৰাজহুৱা সভাখনত প্ৰায় পাঁচশ বছৰীয়া গৌৰৱোজ্বল ইতিহাসেৰে সমৃদ্ধ বাৰেচহৰীয়া ভাওনা কমিটিক অঞ্চলটোৰ সঙ্গীয়া মাজৰচুক গাঁৱৰ যুৱক অৰূপ শইকীয়াই মৌলবাদী শক্তিৰে পৰিপুষ্ট বুলি কৰাৰ মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰে কুৰিৰো অধিক দল সংগঠন ৷
জামুগুৰিহাটৰ প্ৰৱীণ সমাজকৰ্মী অৱসৰপ্ৰাপ্ত অধ্যাপক জনাৰ্দন ভূঞাঁৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত অৰূপ শইকীয়াই সামাজিক মাধ্যমত বাৰেচহৰীয়া ভাওনা কমিটিৰ বিৰুদ্ধে এনে বিৰূপ মন্তব্য কৰাক লৈ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথে অৰূপ শইকীয়াক তীব্ৰ ভাষাৰে সমালোচনা কৰা লগতে সামাজিকভাৱে বৰ্জন কৰিব লাগে বুলি মন্তব্য আগবঢ়ায় ৷ আনহাতে, আছুৰ শোণিতপুৰ জিলা সভাপতি অভিজিৎ নাথে বাৰেচহৰীয়া ভাওনাৰ লগত জামুগুৰিয়া ৰাইজৰ আবেগ-স্বাভিমান জড়িত হৈ আছে বুলি উল্লেখ কৰে ৷ লগতে তেওঁ বাৰেচহৰীয়া ভাওনা কমিটিক লৈ বিৰূপ মন্তব্য কৰা অৰূপ শইকীয়াই শেষৰজন ব্যক্তি হওক বুলি মন্তব্য কৰে ৷