অসম

assam

ETV Bharat / state

কিমিনত দুস্কৃতিকাৰীৰ গুলিত আহত অসমীয়া যুৱক

অৰুণাচল প্ৰদেশত গুলিচালনা ৷ বি এম নামৰ ৰেষ্টুৰেন্টত সংঘটিত হয় গুলিচালনা ৷ আহত দুই যুৱক ৷

By

Published : Feb 9, 2021, 3:58 PM IST

arunachal-pradesh-kimin-district-firing-two-injured
কিমিনত দুস্কৃতিকাৰীৰ গুলিত আহত অসমীয়া যুৱক

তেজপুৰ,9 ফেব্ৰুৱাৰী:অৰুণাচল প্ৰদেশৰ পাপুম পাৰে জিলাৰ কিমিনত দুস্কৃতিকাৰীৰ গুলীচালনা । আহত হৈছে দুই যুৱক । কিমিনৰ বিএম নামৰ ৰেষ্টুৰেণ্টখনত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা । আহত যুৱকদ্বয় অসমৰ জয়ন্ত তাঁতী আৰু শিৱ মল্লিক বুলি জানিব পৰা গৈছে ৷

কিমিনত দুস্কৃতিকাৰীৰ গুলিত আহত অসমীয়া যুৱক

তথ্য় অনুসৰি, যুৱকদ্বয় উক্ত ৰেষ্টুৰেণ্টত কৰ্মৰত আছিল । সোমবাৰে সন্ধিয়া 7 বজাত ৰেষ্টুৰেণ্টখনত কৰ্মৰত অৱস্থাত যুৱক দুজনক অচিনাক্ত দুৰ্বৃত্তই মুখত ক’লা মাস্ক পিন্ধি দুয়োজনৰ ওপৰত দুই ৰাউণ্ড গুলী চলাই উধাও হয় । আহত যুৱক দুজন বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে । উক্ত ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰে কিমিন সংযোগী অসমৰ পথ অৱৰোধ কৰিছে একাংশ প্ৰতিবাদকাৰীয়ে ৷

কিমিন সংযোগী অসমৰ পথ অৱৰোধ

লগতে পঢ়ক:মঙলবাৰে মৰাণত নিৰ্বাচনী ৰণশিঙা বজাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ABOUT THE AUTHOR

...view details