তেজপুৰ, ২১ নৱেম্বৰ :অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ নাম খোদিত হ'ল গিনিজ বুকত (Tawang entered Guinness Book of World Records) । দেওবাৰে পথ সুৰক্ষাৰ ওপৰত গুৰুত্ব দি সৰ্ববৃহৎ হেলমেট বাক্য গঠন কৰি গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰায় (Arunachal in Guinness Book) । এই কাৰ্য সম্পাদন হয় বিশেষকৈ পৰ্বতবোৰত । দেওবাৰে পুৱা অতি উচ্চ উচ্চতাত অৱস্থিত জ্ঞানলৱা চাংয়াং গিয়াটচো ষ্টেডিয়ামত 'জয় হিন্দ' বাক্যটো গঠন কৰিবলৈ মুঠ ২৩৫০ টা হেলমেট ব্যৱহাৰ কৰা হয় ।
এই উপলক্ষে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে হুইচেল বজাই হেলমেট বাক্য গঠনৰ কাৰ্যসূচী আৰম্ভ কৰে (AP Chief Minister Pema Khandu) । আনহাতে, পেমা খাণ্ডুৰ লগতে টাৱাং আৰু পশ্চিম কামেং জিলাৰ বিধায়কসকলে ক্ৰম অনুসৰি হেলমেটবোৰ সজাই বাক্যশাৰী গঠন সম্পূৰ্ণ কৰে (Guinness Book of World Records by helmet sentence) ।
পথ সুৰক্ষা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে আয়োজন কৰা বিশ্ব অভিলেখ সৃষ্টিকাৰী 'লক্ষ্য' শীৰ্ষক অনুষ্ঠানটো অৰুণাচল প্ৰদেশ চৰকাৰৰ (Government of Arunachal Pradesh) সহযোগত এমেজিং নমস্তে ফাউণ্ডেচনৰ (Amazing Namaste Foundation) দ্বাৰা আয়োজন কৰা হয় । এমেজিং নমস্তে ফাউণ্ডেচনৰ অধ্যক্ষ পেমা খাণ্ডু আৰু অতুল কুলকাৰ্ণীয়ে যুটীয়াভাৱে গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰতিনিধি স্বপ্নিল দাংগোৰিকাৰৰ পৰা বিশ্ব ৰেকৰ্ডৰ প্ৰমাণ-পত্ৰ লাভ কৰে ।
উক্ত অনুষ্ঠানত ভাষণ প্ৰদান কৰি খাণ্ডুৱে কয় যে পাহাৰৰ উন্নত পথৰ সৈতে পথ সুৰক্ষা ব্যৱস্থা আৰু যান-বাহনৰ নিয়ম পালনৰ বিষয়ে সজাগতা সৃষ্টি অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে । "মানুহে, বিশেষকৈ বাইক চলাই থকা যুৱক-যুৱতীসকলে ভাল ৰাস্তাত অতি দ্ৰুতগতিত গাড়ী চলোৱাৰ প্ৰৱণতা আছে । দেখা গৈছে যে অত্যধিক দ্ৰুতগতিত গাড়ী চলোৱাটোৱেই এইক্ষেত্ৰত আমাৰ পথ দুৰ্ঘটনাৰ মুখ্য কাৰণ । সেয়েহে, এই অনুষ্ঠান আৰু বিশ্ব অভিলেখ গঢ়ি তোলাৰ ফলত পথ সুৰক্ষা আৰু দুচকীয়া বাহন চলোৱাৰ সময়ত হেলমেটৰ বাধ্যতামূলক ব্যৱহাৰৰ প্ৰতি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব ।" তেওঁ কয় ।